/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bkjoo.jpg)
ডিজিটেল সংবাদ,ছমৰীয়া:-দক্ষিন কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ বাটৰহাটস্থিত ভাৰতীয় জনতা পাৰ্টীৰ দক্ষিন কামৰূপ জিলা কাৰ্যালয় দেওবাৰে শুভ উদ্ধোধন হয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যালয়ৰ উদ্বোধন কৰে।
বাটৰহাটত স্থাপন কৰা জিলা বিজেপিৰ এই মুখ্য কাৰ্যালয় উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় জনতা অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতা,৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা,অসম চৰকাৰৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,৫০ নং পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া,সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা,কমলপুৰৰ বিধায়ক দিগন্ত কলিতা,হাজোৰ বিধায়িকা সুমন হৰিপ্ৰীয়া,পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰনৱ কলিতা,দক্ষিন কামৰূপ জিলা বিজেপিৰ মহিলা মৰ্চা নেতৃবৃন্দ,বিজেপি কাৰ্যকতা,যুৱ মৰ্চাৰ কাৰ্যকতাৰ লগতে প্ৰায় পাঁচ শতাধিক দলীয় কৰ্মী।
আৰু পঢ়ক: স্বাধীনতাৰ প্ৰাকঃক্ষণত ব্ৰহ্মপুত্ৰত শুৱালকুছি নদী আৰক্ষী-ৰাইজৰ নৌকা সমদল