/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/majuli-bjp-dr-baruah-jui-nhgreepet.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ নগাঁও: চৌদিশে দিছে এতিয়া বিজেপি দলৰ জয় জয়কাৰ । সদ্য ঘোষিত ৫ ৰাজ্যৰ নিৰ্বাচনত ৪ খন ৰাজ্যতে বিজেপিৰ অভাৱনীয় বিজয়। এই নিৰ্বাচনৰ ফলাফলৰ পাছত ২০২৪'ৰ লোকসভাৰ নিৰ্বাচনত দিল্লী দখলৰ পথ সহজ হৈ পৰিছে শাসকীয় দলটোৰ বাবে।দেশ জুৰি পদুম ফুলাৰ সময়তে অসমত আৰম্ভ হৈছে বিসম্বাদ।
বিগত কেইটামান দিনত নিৰ্বাচনত এটা বিশেষ বিষয়ে গা কৰি উঠিছিল যে বিজেপিত অৱহেলিত হৈছে পুৰণি কৰ্মী।নগাঁৱত বিগত লোকসভা নিৰ্বাচনত দলৰ পুৰণি তথা জ্যেষ্ঠ নেতা ৰাজেন গোসাঁইৰ পৰিৱৰ্তে ৰূপক শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদানৰ পৰা আৰম্ভ কৰি হোজাইত শিলাদিত্য দেৱ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰালৈকে উমি উমি জ্বলি আছিল ন বিজেপি আৰু পুৰণি বিজেপি কৰ্মীৰ মাজত সংঘাত। মৰিয়নিত ৰূপজ্যোতি কুর্মী,গোলাঘাটত মন্ত্ৰী অজন্তা নেওগকে আদি কৰি বহু কেইজন ন বিজেপিক আগ স্থান দিয়াক লৈ স্পষ্ট হৈছিল দলটোৰ মাজত চলা গৃহ কন্দল খন।
উমি উমি জ্বলি থকা এই জুইকুৰাৰ বহিঃ প্ৰকাশ ঘটিল দেওবাৰে নগাঁৱত।নগাঁৱত একেৰাহে ২০ টা বছৰ বিজেপিৰ সংসদ হিচাপে থকা বিজেপি নেতা ৰাজেনগোহাঁইয়ে মুকলি কৈ প্ৰকাশ কৰিলে ক্ষোভ। ন বিজেপিৰ আগ্ৰাসনৰ বাবে বিজেপি দলত এতিয়া গুৰুত্বহীন হৈ পৰিছে পুৰণি কৰ্মী। নিজকে ন বিজেপিৰ চক্ৰান্ত বলি আখ্যাৰে তেওঁ কৈ এটা সময় আছিল যেতিয়া বিজেপিয়ে যোগদান কৰাটো দূৰৰ কথা প্ৰাৰ্থী বিচাৰি পোৱাটো কঠিন আছিল।
সেই সময়ত দৰিদ্ৰতাৰে যুজঁ দি থকা লোক সকলে বিজেপিৰ পতাকা খন লৈ অসমৰ ৰাজপথত বিজেপিক পৰিচয় কৰাইছিল সাধাৰণ জনতাৰ সৈতে।কিন্তু সেই সকল লোকে আজি কালি বিজেপিয়ে আগ স্থান নাপায়।দলৰ নেতৃত্বত থকা সকলে নিজৰ পছন্দৰ লোকক আগস্থান প্ৰদান কৰি অপমান কৰিছে নিষ্ঠাবান কৰ্মীক।নাম ন'ললেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰোক্ষ ভাবে কটাক্ষ কৰি তেওঁ কয় যে সাধাৰণ জনতাই ব্যক্তিক নহয় বিজেপি দলকহে নিৰ্বাচন কৰিছে।
সেয়ে বিশেষ ব্যক্তিৰ বাবে দলটো জনপ্ৰিয় হোৱা বুলি ভাবি ভাবি অহংকাৰী হোৱা অনুচিত।অহংকাৰে অন্ত পৰে পতনৰ আৰু কোনো বিশেষ লোকৰ বাবে সংগ্ৰামৰ মাজেৰে প্ৰতিষ্ঠা লাভ কৰা দল এটা পতন হোৱাটো দলৰ পুৰণি নিষ্ঠাবান কৰ্মী হিচাপে তেওঁ কেতিয়াও মানি ল'ব নোৱাৰে।
ক্ষমতা আৰু অধিকাৰৰ ৰাগীত মতলীয়া হৈ কোনো লোককেই নিজৰ আসনৰ অপপ্ৰয়োগ কৰাৰ কৰ্তৃত্ব প্ৰদান নকৰে বিজেপিয়ে।পুৰণা দলীয় কৰ্মীৰ ত্যাগ আৰু কষ্টৰ বিনিময়ত ফুলি উঠা পদুম পাহত তেওঁলোকৰ অধিকাৰ আছে।ন বিজেপিক সকলো দায়িত্ব অৰ্পণ কৰিছে বৰথমানৰ নেতৃত্বই। কেৱল গামোচা পিন্ধালেই দলৰ নিষ্ঠবান কৰ্মীক শ্ৰদ্ধা কৰা নুবুজায় এই কথাও স্পষ্ট ভাৱে ক'লে জ্যেষ্ঠ নেতা গৰাকীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us