/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/11/majuli-bjp-dr-baruah-jui-nhgreepet.jpg)
প্ৰতীকি ফটো
ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়া বিজেপিত বিসম্বাদ। প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত বিজেপিৰ বিহপুৰীয়া নগৰ মণ্ডল সভানেত্ৰী কুসুম পাটগিৰি আৰু মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা তনুশ্ৰী গগৈৰ দলত্যাগ ৷
পদত্যাগৰ পাছতেই দুয়ো গৰাকীয়ে যোগদান কৰিলে অগপত ৷ অগপৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব দুয়োগৰাকী ৷ কুসুম পাটগিৰি বিহপুৰীয়া লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষা হোৱাৰ বিপৰীতে তনুশ্ৰী দত্ত বিহপুৰীয়া পৌৰসভাৰ প্ৰাক্তন উপসভানেত্ৰী ৷
ইফালে বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ বিৰুদ্ধে সৰৱ মিত্ৰজোঁটৰ অংশীদাৰ অগপ ৷ বিহপুৰীয়াত চাৰি গৰাকী আৰু নাৰায়ণপুৰত তিনিগৰাকীয়ে অগপ দলৰ প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব ৷