/asomiyapratidin/media/media_files/2025/03/22/hjLlqnGxKQoNKMfmAb8t.jpg)
সাংসদৰ প্ৰতিকৃতি দাহ
ডিজিটেল সংবাদ,পৰ্বতঝোৰা: বিজেপি সাংসদ শুধাংসু ত্ৰিৱেদীৰ বিতৰ্কিত মন্তব্যক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। শুকুৰবাৰে নিশা গৌৰীপুৰত আমছুৱে সাংসদগৰাকীৰ প্ৰতিকৃতি দাহ কৰে। বিজেপি চৰকাৰ হায় হায়, বিজেপি গ' বেক, আমছু জিন্দাবাদ আদি বিভিন্ন শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠনটোৱে।
উল্লেখযোগ্য যে, সদনত বিজেপি সাংসদ শুধাংসু ত্ৰিৱেদীয়ে ধুবুৰীক মিনি বাংলাদেশ বুলি অভিহিত কৰিছিল। ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে আমছুয়ে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। শুধাংসু ত্ৰিৱেদীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি আমছুয়ে মন্তব্য কৰে, "ধুবুৰীত যদি এজন বাংলাদেশী উলিয়াব পাৰে তেন্তে তেওঁক লগে লগে বাংলাদেশলৈ পঠিওৱা হ'ব আৰু যদি ওলাব নোৱাৰে তেন্তে তেওঁক জোতাৰ পালা পিন্ধাই বিদায় দিয়া হ'ব"।
অতি সোনকালে সাংসদ শুধাংসু ত্ৰিৱেদী ক্ষমা নুখুজিলে অনাগত দিনত ভয়াবহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে। লগতে কমলাক্ষ দে পুৰকায়স্থক একে সুৰৰ লগত সুৰ মিলোৱাৰ পৰা বিৰত থাকিবলৈ সকিয়নি প্ৰদান কৰে আমছুৱে।