মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি চুইছাইড নোট লিখি আত্মহত্যা বিজেপি নেতাৰ…

মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি চুইছাইড নোট লিখি আত্মহত্যা বিজেপি নেতাৰ…

author-image
asomiyapratidin
New Update
ভুৱা এনকাউণ্টাৰঃ ৰাজ্য চৰকাৰক ২ সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ…

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি আত্মহত্যা কৰিলে এজন বিজেপিৰ নেতাই। এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে সৃষ্টি কৰিছে ব্য়াপক প্ৰতিক্ৰিয়াৰ। গোলকগঞ্জৰ বিজেপি নেতা তথা ব্যৱসায়ী কাৰ্তিক কৰ্মকাৰৰ মৃতদেহ এখন বিদ্যালয় চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।

Advertisment

ঘটনাৰ বিৱৰণ অনুসৰি মঙলবাৰে পুৱতি নিশা গোলকগঞ্জৰ এখন বিদ্যালয়ত চিপ লোৱাৰ অৱস্থাত উদ্ধাৰ হয় বিজেপি নেতাগৰাকীৰ মৃতদেহ। আত্মহত্যা কৰা কাৰ্তিক কৰ্মকাৰ গোলকগঞ্জ টাউন বিজেপিৰ কোষাধাক্ষ্য হিচাপে দায়িত্ব পালন কৰি আছিল।

মঙ্গলবাৰে পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই গোলগঞ্জত হুৱা-দুৱা লাগে । এই আত্মহত্যাৰ ঘটনাক সহজভাৱে মানি ল'ব পৰা নাই পৰিয়ালৰ লোকে । বিজেপি নেতাজনৰ একমাত্ৰ ভায়েক দুলাল কৰ্মকাৰে দাবী তুলিলে এই ঘটনাৰ উচিত তদন্তৰ ।

ইফালে চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা বিজেপি নেতাজনৰ পকেটৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন চুইছাইড নোট । জানিব পৰা মতে এই চুইছাইড নোটত ৬ জন ব্য়ক্তিৰ নাম উল্লেখ কৰিছে বিজেপি নেতাজনে। কেৱল সেইয়াই নহয় ৬ জন ব্যক্তিৰেই শাস্তি বিচাৰি মুখ্যমন্ত্ৰীলৈ জনাইছে কাতৰ অনুৰোধ ।

assam himanta biswa sarma bjp