বিজেপি নেতাৰ দলত্যাগ…

বিজেপি নেতাৰ দলত্যাগ…

author-image
asomiyapratidin
New Update
বিজেপি নেতাৰ দলত্যাগ…

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ এগৰাকী বিজেপি নেতা তথা প্ৰাক্তন পৌৰসভাৰ ৱাৰ্ড সদস্য আব্দুল ৰহমান মোল্লা বিজেপি দল ত্যাগ কৰি মিত্ৰদল অগপ দলত সোমবাৰে আনুষ্ঠানিক ভাৱে যোগদান কৰে।

Advertisment

অগপৰ জিলা কাৰ্যালয়ত আহি মোল্লাই জিলা পৰ্যায়ৰ নেতা-কৰ্মীৰ উপস্থিতিত যোগদান কৰে। নগাঁও পৌৰসভা এলেকাৰ বাসিন্দা বিজেপি নেতা গৰাকীয়ে ২০১৪ চনৰ পৰাই দলীয় কাম-কাজ অব্যাহত ৰাখি বিশেষকৈ সংখ্যালঘু ৰাইজক বিজেপিৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছিল।

তেওঁ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নগাঁও সদৰ সমষ্টি কমিটিৰ সভাপতি আছিল। ২৬টা ৱাৰ্ডৰে গঠিত নগাঁও পৌৰসভাৰ ২০ নং ৱাৰ্ডটো মিত্ৰদল অগপক এৰি দিয়াৰ বাবে সমাগত পৌৰসভা নিৰ্বাচনৰ এগৰাকী টিকট প্ৰত্যাশী বিজেপি নেতা মোল্লাৰ আশাত চেঁচাপানী পৰে ৷

যাৰ বাবে অগপ দলৰ দলীয় টিকট লাভৰ আশাত তেওঁ দলটোত যোগদান কৰে। অৱশ্যে বিজেপি এৰি অগপত যোগ দিলেও আব্দুল ৰহমান মোল্লাৰ আশা পূৰন নহ'ল ৷

nagaon bjp assam agp