/asomiyapratidin/media/media_files/2025/03/28/1ULg9BCetCmYUh9dhZbC.jpg)
ৰাইজৰ ৰোষত বিজেপিৰ পালিনেতা
ডিজিটেল সংবাদ, লংকা: লংকাত জিঅ'টেগ কৰাই দিয়াৰ নামত ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পৰিল বিজেপি পালিনেতা। লংকাৰ খাগৰীজান গাওঁ পঞ্চায়তৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ ১নং খাগৰিজানৰ ১৫৭ নং বুথ সমিতিৰ সভাপতি জিয়াউদ্দিনৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। শেহতীয়াকৈ প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ জিঅ'টেগ কৰাৰ বাবে জীৱিকা সখীসকলক নিৰ্দেশ দিয়াৰ পাছতেই জীৱিকাসখীক লগত লৈ এতিয়া দালালিত নামিছে বিজেপিৰ একাংশ পালিনেতা।
তেনে এক ঘটনা পোহৰলৈ আহিছে লংকাৰ খাগৰিজানত। লংকাৰ বুথ সমিতিৰ সভাপতি জিয়া উদ্দিনে জীৱিকাসখীক লগত লৈ ধন লৈ জিঅ'টেগ কৰিবলৈ যোৱাৰ সময়তে লাগে অথন্তৰ। পালিনেতাগৰাকীয়ে জিঅ'টেগৰ বাবে ৰাইজৰ পৰা ধন বিচৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শেষত ৰাইজৰ ধন ঘুৰাই দিয়া প্ৰতিশ্ৰুতি দি পলায়ন কৰে দালালৰূপী বুথ সভাপতি জিয়া উদ্দিনে। ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।