/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ সমষ্টিত হেলেম (ক) জিলা পৰিষদৰ সদস্যা ৰেণু ভাণ্ডাৰীৰ বাহনত দুস্কৃতিকাৰীয়ে চলালে আক্ৰমণ। ভোটদান কৰি ব্ৰহ্মাজান বাগিচাৰ মাজেৰে উভতি অহাৰ পথত শিল নিক্ষেপ কৰি চলোৱা আক্ৰমণত কথমপি তেওঁ ৰক্ষা পৰে। তেওঁৰ বাহনখন ক্ষতিগ্ৰস্ত হয়।
বিজেপিৰ নেত্ৰীগৰাকীৰ আক্ৰমণত জড়িত কংগ্ৰেছৰ সমৰ্থক বুলি সন্দেহ কৰা দলটোৰ কেইবাজনো সমৰ্থকক আৰক্ষীয়ে পিছত আটক কৰে। অৱশ্যে ৰাজপথত আঁঠু লৈ ক্ষমা খোজাৰ পাছত ৰেণু ভাণ্ডাৰীয়ে আৰক্ষীৰ ওচৰত দিয়া অভিযোগ উঠাই লোৱাৰ লগতে তেওঁলোকক মুক্ত কৰি দিবলৈ জনোৱা অনুৰোধৰ পৰিপ্ৰেক্ষিতত লোককেইজনক মুক্ত কৰি দিয়া হয়।
এই ঘটনা বিয়লি প্ৰায় ১ বজাত সংঘটিত হয়। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us