দলীয় কৰ্মীক প্ৰহাৰ কৰি দলৰ ৰোষত বিতৰ্কিত বিজেপি নেতা আকাশ ফুকন...

দলীয় অনুশাসন ভংগৰ অপৰাধত দলৰ ৰোষত পৰিছে বিতৰ্কিত বিজেপি নেতা আকাশ ফুকন। বোকাখাটৰ বিতৰ্কিত এই বিজেপি যুৱ নেতা গৰাকীয়ে বাৰে বাৰে দৰ ক্ষতি কৰা কাৰ্যত লিপ্ত হোৱাৰ যেন প্ৰতিযোগিতাতহে নামিছে। 

author-image
Asomiya Pratidin
New Update
দলীয় কৰ্মীক প্ৰহাৰ কৰি দলৰ ৰোষত বিতৰ্কিত বিজেপি নেতা আকাশ ফুকন...

ডিজিটেল ডেস্কঃ দলীয় অনুশাসন ভংগৰ অপৰাধত দলৰ ৰোষত পৰিছে বিতৰ্কিত বিজেপি নেতা আকাশ ফুকন। বোকাখাটৰ বিতৰ্কিত এই বিজেপি যুৱ নেতা গৰাকীয়ে বাৰে বাৰে দৰ ক্ষতি কৰা কাৰ্যত লিপ্ত হোৱাৰ যেন প্ৰতিযোগিতাতহে নামিছে। 

Advertisment

নিজ দলৰে মন্ত্ৰী, সাংসদক নামানা আকাশ ফুকনে পৰোৱাই নকৰে দলৰ সাধাৰণ কৰ্মীসকলক। একাংশ শীৰ্ষ নেতাৰে থকা ঘনিষ্ঠতা আৰু মন্ত্ৰীক গালি-গালাজ কৰিও ৰক্ষা পোৱা আকাশ ফুকনে নিজকে সৰ্বে-সৰ্বা হিচাপে মানি লোৱাৰ বাবেই অতিক্ৰম কৰিছিল সকলো সীমা।

অতি শেহতীয়াকৈ এইগৰাকী নেতাৰ হাতত প্ৰহৃত হৈছিল দলীয় কৰ্মী। তাৰোপৰি সন্মুখীন হৈছিল বিভিন্ন ভয়-ভাবুকিৰ। বাৰে বাৰে এইদৰে দলৰ নেতা, কৰ্মীক অপদস্থ কৰি অহা আকাশ ফুকনক অৱশেষত সকলো দলীয় বিষয়বাবৰ পৰা অব্যাহতি দিয়া হৈছে।

উল্লেখ্য যে, আকাশ ফুকন নামৰ এইগৰাকী বিজেপি নেতাই কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে যোৱা সময়ছোৱাত তেওঁ অশালীন মন্তব্য কৰিছিল। এটা ঠিকাক কেন্দ্ৰ কৰি আকাশ ফুকনে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক অশালীন গালি-গালাজ কৰিছিল। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে  তেওঁক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈয়ো আহ্বান জনাইছিল। সেই মতেই পৰৱৰ্তী সময়ত আকাশ ফুকনে ৰণোজ পেগুক ক্ষমা খুজিছিল যদিও তেওঁৰ চৰিত্ৰৰ কোনো পৰিবৰ্তন নহল।

 

 

বিজেপি বোকাখাট