বিজেপি নেতাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

একাংশ মহিলাই অভিযোগ কৰা অনুসৰি বিজেপিৰ কৰ্মী বুলি পৰিচয় দিয়া শ্যামল অধিকাৰী নামৰ এজন ব্যক্তিয়ে অৰুণোদয় আচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি দিয়াৰ বাবে তেওঁলোকৰ পৰা ১০০০ৰ পৰা ২০০০ টকা কৈ ধন সংগ্ৰহ কৰিছিল।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি

অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি

ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰী জিলাৰ ৰূপসী গাঁও পঞ্চায়তৰ কাৰ্যালয়ত মঙলবাৰে শতাধিক মহিলাই সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। অৰুণোদয় আঁচনিত নিজৰ নাম সন্নিবিষ্ট নোহোৱাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তোলে মহিলাসকলে। ধুবুৰী জিলাত অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি আৰু স্বজন-তোষণ হোৱাৰ অভিযোগ উত্থাপন হৈছে। একাংশ মহিলাই অভিযোগ কৰা অনুসৰি বিজেপিৰ কৰ্মী বুলি পৰিচয় দিয়া শ্যামল অধিকাৰী নামৰ এজন ব্যক্তিয়ে অৰুণোদয় আচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি দিয়াৰ বাবে তেওঁলোকৰ পৰা ১০০০ৰ পৰা ২০০০ টকা কৈ ধন সংগ্ৰহ কৰিছিল।

Advertisment

ইয়াৰে অধিকাংশ মহিলাই দিন-হাজিৰা কৰি নিজৰ ঘৰ-সংসাৰ খন চলাই আহিছে।  সেই মহিলা সকলে অৰুণোদয় আঁচনিৰ তালিকাত তেওঁলোকৰ  নাম নাপায় কান্দোনত ভাঙি পৰা দেখা যায়। শ্যামল অধিকাৰী নামৰ ব্যক্তিজনক  দৰিদ্ৰ মহিলাসকলে টকা দিয়াৰ পাছতো তেওঁলোকৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভূক্ত নোহোৱাত শ্যামল অধিকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বাবে দাবী জনাইছে আঁচনিৰ পৰা বঞ্চিত মহিলাসকলে। আনহাতে প্ৰকৃত হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত কৰি ধনী শ্ৰেনীৰ ব্যক্তিৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও অভিযোগ উত্থাপিত হৈছে। 

ক্ষুব্ধ মহিলাসকলে অৰুণোদয় আঁচনিৰ তালিকাত তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰাৰ দাবী জনাইছে। মঙলবাৰে দাওভাংগী অঞ্চলত অৱস্থিত ৰূপসী গাঁও পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তাল কৰি তোলে। পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। আনহাতে ৰূপসী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ ৰূপায়ণৰ নামত চৰম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত ধুবুৰী জিলা প্ৰশাসনে এইক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে।

অৰুণোদয় অৰুণোদয় আঁচনি