কংগ্ৰেছত অব্যাহত খহনীয়াঃ বিহালীত ২নেতাৰ বিজেপিত যোগদান

কংগ্ৰেছত অব্যাহত খহনীয়াঃ বিহালীত ২নেতাৰ বিজেপিত যোগদান

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছত অব্যাহত খহনীয়াঃ বিহালীত ২নেতাৰ বিজেপিত যোগদান

ডিজিটেল সংবাদ, বিহালীঃ ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণলৈ কেইটামান মূহুৰ্ত বাকী থকাৰ সময়তে বিহালী বিধানসভা সমষ্টিৰ অতি গুৰুত্বপূৰ্ণ পঞ্চায়ত টেলেঙনীয়া গাওঁ পঞ্চায়তৰ শক্তিশালী নেতা তথা টেলেঙনীয়া মণ্ডল কংগ্ৰেছ দলৰ সভাপতি বিজয় দাস, টকৌবাৰী মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদক দেৱানন্দ পায়েঙে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷

Advertisment

জানিব পৰা মতে, বিহালী কংগ্ৰেছ দলৰ বহুকেইগৰাকী মণ্ডল কংগ্ৰেছ দলৰ নেতাই বিজেপি দলত যোগদান কৰিব ৷ প্ৰাপ্ত তথ্যমতে, বিহালীৰ মণ্ডল বিজেপিৰ সভাপতি লাচিত বৰাৰ বাসগৃহত আনুষ্ঠানিকভাৱে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছে দুই কংগ্ৰেছ নেতাই৷

গুৰুত্বপূৰ্ণ যে, বিহালী সমষ্টিৰ নেতা প্ৰেমলাল গঞ্জুৰ গৃহ সমষ্টিৰ ইজনৰ পিছত সিজন নেতা-কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা বিষয়টোৱে ৰাজনৈতিক মহলত জোঁকাৰণি সৃষ্টি কৰিছে ৷ চৰ্চা অনুসৰি বিহালীৰ কংগ্ৰেছ নেতা তথা শোণিতপুৰ সংসদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ প্ৰতি তীহ্ৰ অসন্তুষ্ট, ক্ষোভত অন্তিম ক্ষণত বিজেপিত যোগদান কৰিছে ইজনৰ পিচত সিজন নেতা-কৰ্মীয়ে ৷

নিৰ্বাচনৰ প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ পূৰ্বৰে পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ প্ৰচাৰ অব্যাহত ৰাখি অৱশেষত সেই নেতাই বিজেপি দলত যোগদান কৰি বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত জয় হ'ব বুলি দাবী কৰা বিষয়টো তাৎপৰ্যপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে ৷ স্বাভাৱিকতে ভোটদানৰ পূৰ্ৱে বিৰোধী দলৰ তৃণমূল নেতাই শাসকীয় দলত যোগদান কৰাটো এক গুৰুত্বপূৰ্ণ ইংগিতসূচক ৰাজনীতি বুলিব পাৰি ৷

Also Read: চৰাইদেউত নিৰ্বাচনী বতাহঃ ভোট কেন্দ্ৰলৈ ৰাওনা পুলিং, প্ৰিজাইডিং বিষয়া

congress loksabha election bihali bjp