/asomiyapratidin/media/media_files/2025/04/03/rqXAnxHnE3WOpWODRFZS.jpg)
নিৰ্বাচনলৈ সাজু কাছাৰ বিজেপি
ডিজিটেল সংবাদ, শিলচৰ: পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে নিৰ্বাচনলৈ সাজু হৈছে কাছাৰ বিজেপি। জিলা পৰিষদসহ গাওঁ পঞ্চায়ত দখল কৰিবলৈ আগতীয়াকৈয়ে টঙালি বান্ধিছে কাছাৰ বিজেপি। বুধবাৰে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে দলীয় কৰ্মীসকলক লৈ বৈঠক অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ ৰূপৰেখা তৈয়াৰ কৰিছে কাছাৰ বিজেপিয়ে। পঞ্চায়ত নিৰ্বাচনৰ বাবে কাছাৰ জিলাৰ দায়িত্ব প্ৰাপ্ত মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু জিলাৰ মন্ত্ৰী কৌশিক ৰায়ে বুধবাৰে শিলচৰৰ দলীয় কাৰ্যালয়ত পদাধীকাৰী বৈঠক অনুষ্ঠিতত উপস্থিত থাকি নিৰ্বাচনৰ ৰণনীতি যুগুত কৰে।
ইফালে, কাছাৰ জিলাৰ ২৫ খন জিলা পৰিষদ আৰু ১৬২ খন পঞ্চায়তৰ ভিতৰত মিত্ৰজোঁট অগপক কেইখন মান জিলা পৰিষদৰ আসন এৰি দিব লাগিব বুলিও সদৰী কৰে কাছাৰ বিজেপিৰ সভাপতি ৰূপম সাহাই। আনহাতে, বিৰোধী কংগ্ৰেছ আৰু এআইইউডিএফৰ দখলত থকা কাটিগৰা, বৰখলা আৰু সোণাই সমষ্টিতো শাসকীয় বিজেপিৰ ফল ভাল হ'ব বুলি দাবী কৰিছে ৰূপম সাহাই। কংগ্ৰেছক কটাক্ষ কৰি বিজেপিৰ সভাপতি জনে কয় যে কাছাৰত কংগ্ৰেছ মৃতপ্ৰায় আৰু অস্তিত্বহীন । কংগ্ৰেছৰ দখলত থকা বৰখলা আৰু কাটিগৰা সমষ্টিত বিজেপিয়ে উন্নত ফল প্ৰদৰ্শন কৰিব। অৱশ্যে, এআইইউডিএফৰ দখলত থকা সংখ্যালঘু অধ্যুষিত সোণাই সমষ্টিক লৈ কিছু চিন্তিত কাছাৰ বিজেপি।