সৰ্বানন্দক অন্তৰ্ভুক্ত, বিজেপিৰ কেন্দ্রীয় সংসদীয় ব’ৰ্ডৰ পৰা বাদ পৰিল বহু শীৰ্ষ নেতা …

সৰ্বানন্দক অন্তৰ্ভুক্ত, বিজেপিৰ কেন্দ্রীয় সংসদীয় ব’ৰ্ডৰ পৰা বাদ পৰিল বহু শীৰ্ষ নেতা …

author-image
asomiyapratidin
New Update
সৰ্বানন্দক অন্তৰ্ভুক্ত, বিজেপিৰ কেন্দ্রীয় সংসদীয় ব’ৰ্ডৰ পৰা বাদ পৰিল বহু শীৰ্ষ নেতা …

ডিজিটেল ডেস্ক : বুধবাৰে বিজেপিয়ে নতুন সংসদীয় পৰিষদ আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতি ঘোষণা কৰে। জে পি নাড্ডা বিজেপিৰ এই সংসদীয় পৰিষদ আৰু নিৰ্বাচনী সমিতিৰ অধ্যক্ষ হ'ব। সৰ্বানন্দ সোণোৱাল আৰু বি এছ য়েদিয়ুৰাপ্পাক বিজেপিয়ে নতুন পৰিষদত অন্তৰ্ভুক্ত কৰিছে। সংসদীয় পৰিষদ হৈছে বিজেপিৰ আটাইতকৈ শক্তিশালী সংস্থা। দলৰ সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই পৰিষদৰ জৰিয়তে লোৱা হয়। কিন্তু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সংসদীয় পৰিষদৰ পৰা বাদ দিয়া হৈছে।

Advertisment

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে সংসদীয় পৰিষদত স্থান লাভ কৰা নাছিল, কিন্তু তেওঁক আন এক শক্তিশালী প্ৰতিষ্ঠান নিৰ্বাচন সমিতিৰ সদস্যত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁৰ উপৰিও ৰাজস্থানৰ পৰা অহা বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু ওম মাথুৰকো এই নিৰ্বাচনী সমিতিত স্থান দিয়া হৈছে। শ্বাহনাৱাজ হুছেইনক কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ পৰা আঁতৰাই দিয়া হৈছে। একে সময়তে, জোৱেল ওৰামকো বিজেপিয়ে এই গুৰুত্বপূৰ্ণ সমিতিৰ পৰা বাদ দিছে।

বিজেপিৰ সংসদীয় পৰিষদক দলৰ আটাইতকৈ শক্তিশালী সংস্থা হিচাপে জনা যায়। ৰাষ্ট্ৰীয় পৰ্যায়ত বা যিকোনো ৰাজ্যত, যদি মিত্ৰতাৰ কথা হয়, তেন্তে সংসদীয় পৰিষদৰ সিদ্ধান্ত চূড়ান্ত বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও, এই পৰিষদে ৰাজ্যসমূহত বিধান পৰিষদ বা বিধানসভাত নেতা বাছনি কৰে।

বিজেপিৰ সংসদীয় পৰিষদৰ সদস্যসকল হল – জগত প্ৰকাশ নাড্ডা (অধ্যক্ষ), ৰাজনাথ সিং, অমৃত ভাই সাহ, বি এছ য়েদউৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদৱ, সত্যনাৰায়ণ জতিয়া, বি এল সন্তুোষ (সচিব)।

আনহাতে, বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ সদস্যসকল হল – জগত প্ৰকাশ নাড্ডা (অধ্যক্ষ), নৰেন্দ্ৰ মোদী, ৰাজনাথ সিং, অমৃত ভাই সাহ, বি এছ য়েদউৰাপ্পা, সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, ইকবাল সিং লালপুৰা, সুধা যাদৱ, সত্যনাৰায়ণ জতিয়া, ভূপেন্দ্ৰ যাদৱ, দেৱেন্দ্ৰ ফাডনাভিছ, ওম মাথুৰ, বি এল সন্তুোষ (সচিব), ভানাথি শ্ৰীনিবাস।

আৰু পঢ়ক : বিজেপিৰ নতুন কেন্দ্রীয় সংসদীয় ব'ৰ্ড গঠন, সৰ্বানন্দ সোনোৱালক অন্তৰ্ভুক্ত…

central board india bjp