/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/4a7139a9-289a-4897-b1dc-f53fc728cb72/saa.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত কামপুৰৰ নিজকামপুৰ পঞ্চায়তৰ মহগৰিয়াআটী আৰু কলাইখোৱা অঞ্চলত মংগলাৰে সন্ধ্যাৰভাগত অনুষ্ঠিত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সুৰেশ বৰাই ৰাইজক পদুম ফুলৰ ছবিত ভোট দিবলৈ আহ্বান জনায়।
মহগৰিয়াআটী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা উক্ত নিৰ্বাচনী সভাত অসম তথা দেশখনৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ পদুম ফুলৰ ছবিত ভোট দিবলৈ তেওঁ ভোটাৰক আহ্বান জনায় । প্ৰাৰ্থী গৰাকীয়ে ৰাইজৰ জ্বলন্ত সমস্যা সমূহ সমাধান কৰিবৰ বাবে তেওঁক সাংসদ হিচাপে বিজয়ী কৰাবলৈ আহ্বান জনায় ।
প্ৰাৰ্থী গৰাকীয়ে নগাঁও লোকসভা সমষ্টিৰ যুজঁ বিজেপি আৰু এ আই ইউ ডি এফৰ মাজত সীমাবদ্ধ থাকিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসমে দ্ৰুত উন্নয়নৰ মুখ দেখিছে । সেয়ে আগন্তুক ২৬ এপ্ৰিলত পদুম ফুলৰ ছবিত ভোট দি দেশৰ উন্নয়নৰ অংশীদাৰ হবলৈ বৰাই আহ্বান জনায় ।