কংগ্ৰেছ,CPI(ML)ক ভোট দিলে সেই ভোট ডাষ্টবিন অথবা নদীত পেলাই দিয়া হবঃ বিধায়ক দিগন্ত কলিতা

বিহালীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত...

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছ,CPI(ML)ক ভোট দিলে সেই ভোট ডাষ্টবিন অথবা নদীত পেলাই দিয়া হবঃ বিধায়ক দিগন্ত কলিতা

ডিজিটেল সংবাদ,বিহালীঃ অসম সন্মিলিত মঞ্চই বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী কেন্দ্ৰীক বিবাদত ব্যস্ত হৈ থকাৰ সময়তে শাসক দল বিজেপিয়ে বিহালী সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে তুংগত কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। আজি সাংসদ ৰঞ্জিত দত্ত, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই বিহালী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ খৰাশিমলু পঞ্চায়তৰ বিভিন্ন বুথত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়।

Advertisment

এই নিৰ্বাচনী প্ৰচাৰ অভিযান কালতে সাংসদ ৰঞ্জিত দত্তই সাংবাদিকৰ আগত কয়, বিহালী সমষ্টিত বিৰোধী দলৰ প্ৰাৰ্থী যি জনেই নহওক কিয় আমি নিৰ্বাচন খেলিবলৈ আহিছো আমি খেলিম আৰু আমাৰ জয় নিশ্চিত। আনহাতে বিহালী বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে কাইলে নিৰ্বাচনী বিষয়াক নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব বুলি জানিব দিয়ে।

তাৎপৰ্য্য পূৰ্ণ কথা হ'ল যি সময়ত বিহালী বিধানসভা সমষ্টিত শাসক দলটোৱে বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী গৰাকীক উপ নিৰ্বাচনত জয় কৰাবলৈ জোৰদাৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে,তেনে সময়তে বিৰোধী দলসমূহে আজিৰ দিনটো লৈকে উক্ত সমষ্টিত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতত ব্যস্ত হৈ আছে।

আনহাতে নিৰ্বাচনী প্ৰচাৰ সভাতে বিৰোধীক উদ্দেশ্যি বিধায়ক দিগন্ত কলিতাই ভাষণ প্ৰসংগত কয়, আজি পৰ্যন্ত যি দলে নিজৰ প্ৰাৰ্থী ঠিক কৰিব পৰা নাই,প্ৰাৰ্থী কোন হব নিশ্চিত কৰিব পৰা নাই,সেই দলে প্ৰথমে নিজৰ ঘৰখন ঠিক কৰি লওক,তেওঁলোকে কি ৰাইজৰ সমস্যা সমাধান কৰিব।

লগতে কয় ,কংগ্ৰেছ,চিপিআই(এম এল)ক ভোট দিলে সেই ভোট ডাষ্টবিন অথবা নদীত পেলাই দিয়া হব। বিজেপিক ভোট দিলে ফিক্স ডিপজিট কৰা হব বুলিও মন্তব্য কৰে।ইফালে বিজেপি দলৰ ত্যাগৰ উদাহৰণ দি বিধায়ক গৰাকীয়ে কয় যে, বিহালী সমষ্টিত উপ নিৰ্বাচনত সাংসদ ৰঞ্জিত দত্তই ইচ্ছা কৰিলে নিজৰ পুত্ৰক দলীয় টিকেট দিব পাৰিলে হয়। কিন্তু সেইয়া নকৰি উক্ত সমষ্টিত সাংসদ গৰাকীয়ে এজন আদিবাসী সম্প্ৰদায়ৰ লোকক দলীয় প্ৰাৰ্থিত্ব দিছে। এয়াই বিজেপিৰ মানুহৰ ত্যাগ বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।

bjp campaign DIGANTA KALITA BJP bihali