/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/borgos.png)
ডিজিটেল ডেস্ক: অভাৱনীয় মূল্যবৃদ্ধিয়ে জনতাক জুৰুলা কৰাৰ মাজতে কাজিৰঙাৰ বিলাসী ৰিজৰ্টত বৈঠকৰ আয়োজন কৰিছে বিজেপি মিত্ৰজোঁট চৰকাৰে।
৫ আৰু ৬ মে'ত অনুষ্ঠিত হ'বলগীয়া এই বৈঠকৰ বাবে সৰ্বত্ৰে চৰ্চা অব্যাহত আছে। আজি সন্ধিয়া মিত্ৰজোঁটৰ মন্ত্ৰী বিধায়ক সকল উপস্থিত হ'ব কাজিৰঙাত। তেওঁলোকৰ বাবে মাণ্ডু ৰিজৰ্টত আয়োজন কৰা হৈছে সাংস্কৃতিক কাৰ্যসূচীৰ।
তাৰপাছতই ৬মে'ত দিনজোৰা কাৰ্যসূচীৰে বৰগছ ৰিজৰ্টত মন্ত্ৰী বিধায়ক সকলৰ লগত বৈঠক অনুষ্ঠিত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী আঁচনি ৰূপায়ণ, বিধায়ক পুঁজিৰ ব্যয় আদি সন্দৰ্ভত আলোচনা কৰা হ'ব এই বৈঠকত। জানিব পৰা মতে আজিৰ দিনটো মন্ত্ৰী বিধায়ক সকলে নিজ নিজ খৰচত থাকিব লাগিব।
উল্লেখ্য যে, ৰাজ্যত হোৱা মূল্যবৃদ্ধিয়ে কোঙা কৰিছে জনতাক। ঋণৰ পিছত ঋণ লৈ ৰাজ্য চলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ চৰকাৰে। তাৰ পাছতো কাজিৰঙাৰ বিলাসী ৰিজৰ্টত এনে কাৰ্যসূচী মনকৰিবলগীয়া।
আৰু পঢ়ক: অসম আৰক্ষীৰ Ride Of Pride বাইক ৰেলী উপস্থিত ধেমাজীত…