বাতিল হ’বনেকি ধিঙত ঘোষিত বিজেপিৰ তালিকা ? নগাঁও, ৰহা, কামপুৰত অগপই ঘোষণা কৰিলে প্ৰাৰ্থী…

বাতিল হ’বনেকি ধিঙত ঘোষিত বিজেপিৰ তালিকা ? নগাঁও, ৰহা, কামপুৰত অগপই ঘোষণা কৰিলে প্ৰাৰ্থী…

author-image
asomiyapratidin
New Update
কেবিনেটত সিদ্ধান্তঃ এজন শিক্ষকে ৩০ দিনতকৈ বেছি ছুটী ল’লে অতিথি শিক্ষক নিযুক্তি…

ডিজিটেল সংবাদ নগাঁও : ধিঙ পৌৰসভাৰ নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থীৰ তালিকা ঘোষনা কৰাৰ পিছত বিদ্ৰোহৰ সূচনা হৈছে মিত্ৰদল অগপত ৷ কলিয়াবৰ বিজিপিৰ সভাপতি অনিল শইকীয়াই সোমবাৰে প্ৰাৰ্থীৰ তালিকা ঘোষনা কৰাৰ পিছতে অগপ বিতুষ্টু ৷ বিশেষকৈ বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ হস্তক্ষেপৰ বাবে ধিঙত এখনো আসন বিজেপিয়ে মিত্ৰ দল অগপক এৰি দিয়া নাই ৷

Advertisment

১০টা ৱাৰ্ডৰ আটাইকেইটাতে বিজেপিয়ে প্ৰাৰ্থী প্ৰদান কৰিছে ৷ এই লৈ অগপই ধিঙত বিজেপিক সহযোগ নকৰাৰ হুমকি দিছে ৷ এই ঘটনাৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে অগপৰ মন্ত্ৰী কেশৱ মহন্তই ৷ নিশালৈ মুখ্যমন্ত্ৰী ড° শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মাজত ধিঙ পৌৰসভাক লৈ এলানী আলোচনা হোৱাৰ কথা ৷

নগাঁও পৌৰসভাৰ বাবে বিজেপিয়ে অগপক এৰি দিয়া চাৰিটা ৱাৰ্ডৰ ভিতৰত তিনিটাত অগপই প্ৰাৰ্থী চূড়ান্ত কৰিছে ৷ ১৫ নং ৱাৰ্ডত মুক্তা জয়চোৱাল , ১৩ নং ৱাৰ্ডত মনালিছা বৰুৱা ৰহমান , ২৪ নং ৱাৰ্ডত ৰূপালী শইকীয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰিব ৷ ২০ নং ৱাৰ্ডত প্ৰাৰ্থীত্বৰ দাবীদাৰ ১৪ জন হোৱাত সমস্যাত পৰিছে অগপ ৷

ৰহা পৌৰসভাৰ বাবে অগপই প্ৰাৰ্থীৰ নাম ঘোষনা কৰিছে ৷ ৬ নং ৱাৰ্ডৰ বাবে ভূপেন দাসক , ৭ নং ৱাৰ্ডৰ বাবে অবিনাশ দাসক আৰু ১০ নং ৱাৰ্ডৰ বাবে সূৰ্বন ডেকাক দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে ৷

কামপুৰ পৌৰসভাৰ তিনিটা ৱাৰ্ডৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষনা কৰিছে ৷ ২ নং ৱাৰ্ডৰ বাবে মালবিকা বৰা , ৭ নং ৱাৰ্ডৰ বাবে ধৰিত্ৰী বৰুৱা আৰু ১০ নং ৱাৰ্ডৰ বাবে ভূপেন বৰাক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে ৷

assam agp keshab mahanta himanta biswa sarma bjp