/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/but.jpg)
ডিজিটেল সংবাদ,গোৱালপাৰা: মঙলবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ শীৰ্ষ দহটা স্থানৰ ভিতৰত ষষ্ঠ স্থান দখল কৰি উজলিল গোৱালপাৰাৰ বাকাইটাৰী হাইস্কুলৰ পৰীক্ষাৰ্থী বিতুপন মেধি।
বিতুপন মেধিৰ এই অভাৱনীয় সফলতাই স্বাভাৱিকতে জিলাখনলৈ গৌৰৱ কঢ়িয়াইছে। উৎফুল্লিত হৈ পৰা মাটিয়া-বাকাইটাৰী অঞ্চলৰ লগতে জিলাখনৰ বিভিন্ন দল-সংগঠন অভিনন্দনেৰে উপচাই দিছে মেধাৱী বিতুপনক। ছটা বিষয়ত ছশ নম্বৰৰ ভিতৰত মুঠ ৫৯২ নম্বৰ লাভ কৰিছে স্থান প্ৰাপ্ত পৰীক্ষাৰ্থীগৰাকীয়ে।
তেওঁ ক্ৰমে: অসমীয়া আৰু ইংৰাজী বিষয়ত ৯৬ নম্বৰকৈ,সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান ,সমাজ বিজ্ঞান আৰু ঐচ্ছিক গণিত বিষয়ত ১০০ নম্বৰকৈ লাভ কৰিছে।শতাংশৰ হিচাপত ৯৮.৬৬ শতাংশ।মঙলবাৰে পুৱা দহ বজাত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিচতে মাটিয়াৰ 'এছ টি ছেবাচটিয়ানচ' স্কুলৰ শিক্ষাৰ্থীগৰাকীৰ এই সফলতাত স্কুলখনত বিৰাজ কৰে এক উচবমুখৰ পৰিবেশ।
হাঁহি খিকিন্দালিৰে আনন্দত আত্মহাৰা হৈ পৰে স্কুলখনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকল।গৌৰৱত গদগদ হৈ পৰে বিতুপনক পঢ়োৱা এছ টি ছেবাচটিয়ানচৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে বিদ্যালয়খনৰ উপাধ্যক্ষগৰাকী।ছুটিত থকা অধ্যক্ষগৰাকীয়েও বিতুপনৰ সফলতাৰ খবৰ পাই আনন্দত আত্মহাৰা হৈ পৰা বুলি জানিব পৰা গৈছে।আনন্দৰ বন্যা বৈ পৰে মাটিয়া- বাকাইটাৰী অঞ্চলতো।গাঁৱৰ ল'ৰাটোৱে আমাৰ গাঁও আৰু অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।
গাঁওবাসী হিচাপে আমি আজি বহুত সুখী বুলি স্থানীয় একাংশ ৰাইজে বিতুপনৰ সফলতাত বিদ্যালয়খনত উপস্থিত হৈ আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।সেইদৰে পুত্ৰৰ অভাৱনীয় সফলতাত আনন্দৰ চকুলো বৈ পৰে বিতুপন মেধিৰ আৰক্ষী কণিষ্ঠবল পিতৃ চণ্ডিচৰণ মেধি আৰু ধাত্ৰী মাতৃ উষা ৰাণী দাসৰ।মুঠতে বিতুপন মেধিৰ ঘৰখনত বিৰাজ কৰিছে উৎসৱৰ উথপথপ পৰিৱেশ।
খবৰ কৰিবলৈ অহা সকলোকে পিতৃ-মাতৃ আৰু আত্মীয়ই ৰসগোল্লাৰে আপ্যায়ন কৰিছে।মুঠতে বিতুপনৰ ঘৰখনত বিৰিঙিছে সুখৰ পৰিভাষা।জানিব পৰা মতে,পেচাগতভাৱে অতি ব্যস্ততাৰ মাজতো পিতৃ-মাতৃয়ে সুযোগ্য পুত্ৰ পিতুপনৰ পুঢ়া-শুনাৰ ক্ষেত্ৰত লৈছিল যথাসাধ্য যতন।কোৰোনাকালীন লকডাউনৰ অনলাইন শ্ৰেণীৰ পাঠগ্ৰহনৰ বাবে বিতুপনকো পিতৃ-মাতৃয়ে খোজাৰ লগে লগে ক্ৰয় কৰি দিছিল এটি এণ্ড্ৰইড ম'বাইল।
কিন্তু সৰুৰে পৰা পঢ়া-শুনাত ধাউতি থকা বিতুপনে সদব্যৱহাৰ কৰিছিল ম'বাইলটোক।অনলাইন শ্ৰেণীৰ পাঠগ্ৰহনৰ বাহিৰে নিজৰ পৰা দূৰত ৰাখিছিল ম'বাইলটো। সাম্প্ৰতিক সময়ত একাংশ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শৈক্ষিক ভৱিষ্যতক একাষৰীয়া কৰি সামাজিক মাধ্যম ফেচবুক চলোৱাৰ লগতে ফ্ৰীফায়াৰ,পাবজী,কল অন ডিউটি আদিৰ দৰে এণ্ড্ৰইড ম'বাইল গেমত ব্যস্ত থাকে। কিন্তু মেধাৱী বিতুপন এইসকলৰ পৰা বিৰত থাকি হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ দহটা স্থানৰ ভিতৰত স্থান দখলৰ বাবে লক্ষ্য বান্ধি লৈ দৈনিক চাৰি-পাঁচ ঘণ্টাকৈ একাগ্ৰতাৰে পঢ়া-শুনা কৰিছিল।
মঙলবাৰৰ এই প্ৰত্যাক্ষিত স্থান দখলৰ ফলাফলত সন্তুষ্ট বিতুপন মেধিয়ে সংবাদ মাধ্যমক কয়- আজি মোৰ এই ফলাফলত মোৰ পিতৃ-মাতৃৰ লগতে মই পঢ়া বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰে অৰিহনা আছে।মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। মই নিয়মীয়াকৈ দৈনিক চাৰি-পাঁচ ঘণ্টাকৈ পঢ়া-শুনা কৰিছিলোঁ যদিও মেট্ৰিকৰ আগত দৈনিক দহৰ পৰা বাৰ ঘণ্টাকৈ পঢ়িছিলোঁ। ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন পুহি ৰখা মেধাৱী বিতুপন মেধিয়ে ছাত্ৰী-ছাত্ৰীসকলক উদ্দেশ্যে কয়- 'সাম্প্ৰতিক সময়ত ছাত্ৰ-ছাত্ৰীসকলক ম'বাইল লাগে।
কিন্তু ইয়াক সদ ব্যৱহাৰ কৰিব লাগে।ম'বাইলটো কমকৈ ব্যৱহাৰ কৰি ভালকৈ পঢ়িব লাগে। ম'বাইলৰ ভাল আৰু বেয়া দুয়োটা দিশ আছে।ভালটো গ্ৰহন কৰি পঢ়া-শুনাত আগবাঢ়ি গ'লে নিশ্চয় সফল হ'ব পাৰি। আগলৈ মই ইঞ্জিনিয়াৰিঙতে পঢ়িম। ভৱিষ্যতে মই এগৰাকী ভাল 'ইঞ্জিনিয়াৰ' অৰ্থাৎ অভিযন্তা হ'ম।মোক সকলোৱে আশিৰ্বাদ কৰিব'। ৰাজ্যখনৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান দখল কৰি গোৱালপাৰা জিলালৈ গৌৰৱ কঢ়িয়াই অনা বিতুপন মেধিক বিভিন্ন দল-সংগঠনকে ধৰি বিভিন্ন জনে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰিছে।
গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বেদান্ত কাশ্যপৰ নেৰ্তৃত্বত এটি সজাতি দলে পুৱা মাটিয়াৰ এছ টি ছেবাচটিয়ানচ স্কুলত উপস্থিত হৈ ষষ্ঠ স্থান দখল কৰা বিতুপন মেধিক ফুলাম গামোচা আৰে জাপিৰে সম্বৰ্ধনা জনাই ভৱিষ্যত উজ্জ্বল কামনা কৰে।
সেইদৰে জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি জাকিৰ হুছেইন,জিলা আমছুৰ সভাপতি আনিমূল হক,জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি, সম্পাদক ক্ৰমে চৈয়দ ৰবিউল হক আৰু জাহিদুল ইছলাম,সদৌ অসম পঞ্জীয়ন ভুক্ত ফাৰ্মাচিষ্ট সন্থাৰ গোৱালপাৰা জিলা সমিতি,পূৱ গোৱালপাৰা বিধান সভাৰ স্থানীয় বিধায়ক এ কে ৰছিদ আলম, পশ্চিম গোৱালপাৰাৰ স্থানীয় বিধায়ক আব্দুৰ ৰছিদ মণ্ডল,ৰাইজৰ দলৰ গোৱালপাৰা জিলা সমিতিৰ আহ্বায়ক আমিনুল হক,এ আই ইউ ডি এফৰ ৰাজ্যিক সম্পাদক আব্দুল হাই,অসম প্ৰদেশ কংগ্ৰেছ সাধাৰণ সম্পাদক ৰাকেশ চক্ৰৱৰ্তী প্ৰমুখ্যে মাটিয়া অঞ্চলকে ধৰি গোৱালপাৰা জিলাৰ বিভিন্ন দল-সংগঠন আৰু অগণন লোকে সামাজিক মাধ্যমত বিতুপনক অভিনন্দনেৰে উপচাই দিয়া পৰিলক্ষিত হৈছে।
আৰু পঢ়ক: উৰুখা পঁজাত সপোন ৰচে ধনজিতৰ দৰে অনেকেই, ৫টা বিষয়ত লেটাৰ নম্বৰ কিন্তু…