খেল উপভোগ কৰি থকাৰ মাজতেই যুৱকৰ মৃত্যু,পত্নী গৰ্ভৱতী, পৰিয়ালত শোকৰ ছা...

দিপাৱলীৰ উল্লাস আৰু ভাৰত পাকিস্তানৰ ক্ৰিকেট মেচৰ উন্মাদনাৰ মাজতেই দেওবাৰে নিশা শিৱসাগৰ চিনেমা হলত এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

author-image
Asomiya Pratidin
New Update
খেল উপভোগ কৰি থকাৰ মাজতেই যুৱকৰ মৃত্যু,পত্নী গৰ্ভৱতী, পৰিয়ালত শোকৰ ছা...

ডিজিটেল সংবাদ,শিৱসাগৰ: দিপাৱলীৰ উল্লাস আৰু ভাৰত পাকিস্তানৰ ক্ৰিকেট মেচৰ উন্মাদনাৰ মাজতেই দেওবাৰে নিশা শিৱসাগৰ চিনেমা হলত এজন যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ চিনেমা গৃহৰ ভিতৰতেই অসুস্থ হৈ মৃত্যুৰ মুখত পৰা যুৱকজন শিৱসাগৰ চহৰৰ গণকপট্টী কৃষ্ণ নগৰৰ নিৱাসী দিজেন গগৈৰ পুত্ৰ বিতু গগৈ( ৩৪) বুলি জানিব পৰা গৈছে ৷

Advertisment

জানিব পৰা মতে আজি আবেলি তিনিজন বন্ধুৰ সৈতে বিতু গগৈয়ে ভটীয়াপাৰৰ ভাস্কৰজ্যোতি চিনেমা হলত প্ৰদৰ্শন কৰা ভাৰত পাকিস্তানৰ ক্ৰিকেট খেলৰ পোনপটীয়া সম্প্ৰচাৰ চোৱাৰ উদ্দেশ্যে উপস্থিত হৈছিল গৈ ৷ টিকেত ক্ৰয় কৰি ছবি গৃহৰ ডাঙৰ পৰ্দাত খেল উপভোগ কৰি থকা বিতুৱে হঠাৎ এটা বিকট চিঞৰ মাৰি অচেতন হৈ পৰে ৷

লগে লগেই আন দৰ্শক তথা কাষতে থকা বন্ধু কেইজনে বিতুক জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ উত্তেজনাময় খেলখন উপভোগ কৰি থকাৰ সময়ত চিনেমা গৃহত দৰ্শকৰ চিঞৰ বাখৰ বাবে শব্দ প্ৰদূষণৰ সৃষ্টি হৈছিল ৷

মাথোঁ এটা বছৰৰ পুৰ্বে বিবাহ পাশত অৱদ্ধ হোৱা বিতুৰ পত্নী বৰ্তমান পাঁচ মাহৰ অন্ত:সত্বা ৷ ঘটনাৰ খবৰ পাই জয়সাগৰ আৰক্ষীৰ এটা দল চিনেমা হলত উপস্থিত হয় ঘটনাৰ অনুসন্ধান কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

assam sivsagar diwali