বন্ধুৰ জন্মদিন উদযাপন কৰা নহ'ল! ফটো উঠিবলৈ গৈ প্ৰাণ গ'ল সুমিতৰ...

বন্ধুৰ জন্মদিন উদযাপন কৰা নহ'ল! ফটো উঠিবলৈ গৈ প্ৰাণ গ'ল সুমিতৰ...

author-image
Asomiya Pratidin
New Update
বন্ধুৰ জন্মদিন উদযাপন কৰা নহ'ল! ফটো উঠিবলৈ গৈ প্ৰাণ গ'ল সুমিতৰ...

ডিজিটেল সংবাদ, বিশ্বনাথঃ বন্ধুৰ জন্ম দিনত ওলমা দলঙৰ ফটো উঠিবলৈ গৈ দলঙৰ পৰা পৰি অকাল মৃত্যুক সাবতিলে বিশ্বনাথৰ তিনিসুঁতি উৰিয়াবস্তিৰ এজন দশম শ্ৰেণীৰ ছাত্ৰই। আজি বিশ্বনাথৰ অসম অৰুণাচল সীমান্তবৰ্তী তথা নক্সা পাহাৰৰ নমৰাৰ ওলমা দলঙত বন্ধুৰ জন্ম দিনৰ নামত ফটো উঠিবলৈ গৈছিল বিশ্বনাথৰ তিনিসুঁতি অঞ্চলৰ ৬/৭ জনীয়া এটা দল।

Advertisment

কিন্তু দুৰ্ভাগ্যজনক ভাবে উক্ত স্থানতে ঘটিল অঘটন। ফুৰিবলৈ যোৱা দলটোৰ ভিতৰত সুমিত ঢাকাল নামৰ দশম শ্ৰেণীৰ ছাত্ৰ গৰাকী নমৰা দলঙৰ পৰা দুৰ্ভাগ্যজনক ভাবে পিছলি পৰে। পানীত পৰি যোৱা ছাত্ৰ গৰাকীৰ সেই স্থানতে অকাল মৃত্যু ঘটে। লগে লগে তিনিসুতি অঞ্চলৰ কেইবাজনো লোকে উক্ত স্থানত গৈ পানীৰ পৰা উদ্ধাৰ কৰে সুমিতৰ মৃতদেহ।

উদ্ধাৰকাৰী লোকে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত অবগত কৰাৰ লগতে সুমিতক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে ছাত্ৰ গৰাকীৰ মৃত্যু হোৱা বুলি জানিব দিয়ে।ইফালে আৰক্ষীৰ দল বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত উপস্হিত হৈ দণ্ডাধীশৰ উপস্হিতিত সুমিতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰে আৰু তদন্ত আৰম্ভ কৰে।

কিন্তু ছাত্ৰ গৰাকী কি কাৰণে কেনে পৰিস্হিতিত এনে এক দুৰ্ঘটনাৰ মুখা-মুখি হব লগা হল,এই কথা কিন্তু এতিয়াও পোহৰলৈ অহা নাই।আৰক্ষীৰ তদন্তৰ পিছতহে সমস্ত ঘটনা পোহৰলৈ আহিব বুলি সকলোয়ে আশা কৰিছে।ইফালে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰই অকাল মৃত্যুক সাবতি লোৱা ঘটনাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে।

বিশ্বনাথ