Advertisment

বিদ্যালয় নিৰ্মাণৰ বাবে ভূমি দান কৰি বিপদত বিশ্বনাথৰ এজন লোক...

বিদ্যালয় নিৰ্মানৰ বাবে ভূমি দান কৰি বিপদত বিশ্বনাথৰ এজন লোক। ২০১১ চনতে মহম্মদ নাছিৰুদ্দিন নামৰ লোকজনৰ পিতৃ মহম্মদ চৈয়দ জামালে বিদ্যালয়ৰ বাবে প্ৰদান কৰিছিল এক বিঘা ভূমি।

author-image
Asomiya Pratidin
New Update
বিদ্যালয় নিৰ্মাণৰ বাবে ভূমি দান কৰি বিপদত বিশ্বনাথৰ এজন লোক...

ডিজিটেল সংবাদ বিশ্বনাথঃ বিদ্যালয় নিৰ্মানৰ বাবে ভূমি দান কৰি বিপদত পৰিল বিশ্বনাথৰ এজন লোক। উল্লেখ্য যে, যোৱা ২০১১ চনতে বিশ্বনাথৰ পূব ভিৰ গাঁৱত মহম্মদ নাছিৰুদ্দিন নামৰ লোকজনৰ পিতৃ মহম্মদ চৈয়দ জামালে বিদ্যালয় কৰ্তৃপক্ষক বিদ্যালয় নিৰ্মানৰ বাবে প্ৰদান কৰিছিল এক বিঘা ভূমি। ফলত সেই স্থানত গঢ় লৈ উঠিল শিমল ভাঙি প্ৰাথমিক বিদ্যালয় নামৰ বিদ্যালয়খন।

Advertisment

ভূমি দান কৰাৰ পূৰ্বে ভূমি দাতা পৰিয়ালৰ যিকোনো এজন লোকক উক্ত বিদ্যালয়ত চাকৰি দিয়া কথা আছিল যদিও পৰবৰ্তী সময়ত কিন্তু ভূমি দাতাক বিশ্বনাথ কৰ্তৃপক্ষই নিদিলে চাকৰি।কিন্তু তথাপি কোনো আক্ষেপ নাছিল ভূমি দাতা পৰিয়ালৰ।
কিন্তু হঠাৎ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে আক্ষেপ প্ৰকাশ কৰিছে ভূমি দাতাৰ পৰিয়ালে। দৰাচলতে ভূমি দাতা পৰিয়ালে উক্ত বিদ্যালয় নিৰ্মাণৰ বাবে এক বিঘা ভূমি দান কৰাৰ লগতে উক্ত বিদ্যালয়ৰ পিছফালে ভূমি দাতা পৰিয়ালৰ আছে দুই বিঘা ভূমি।

এই ভূমিত অহা-যোৱা কৰিবলৈ বৰ্তমান ভূমি দাতা পৰিয়ালৰ নাই কোনো পথ। কিয়নো বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ এটি গৃহ নিৰ্মাণ কৰিবলৈ ধৰাৰ বাবে ভূমি দাতাৰ আন মাটিলৈ যাবলৈ পথ নোহোৱা হৈ পৰিছে। 

এই ক্ষেত্ৰত নাছিৰুদ্দিনে বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও পথ এৰি দিবলৈ মান্তি হোৱা নাই। যাৰ বাবে এতিয়া বিষয়টোক বিশ্বনাথ জিলা প্ৰশাসনক অৱগত কৰিছে নাছিৰুদ্দিনে।

জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়। কিন্তু বিদ্যালয়ক ভূমি দান কৰি এতিয়া নিজৰ মাটিলৈ যাবলৈ বাধাৰ সন্মুখীন হোৱা বিষয়টোৱে বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বিশ্বনাথ