স্বাস্থ্য বিভাগে দিয়া বিনামূলীয়া ঔষধ খাই অসুস্থ ছাত্ৰ-ছাত্ৰী

বৃহস্পতিবাৰৰ পৰা বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে আৰম্ভ কৰিছিল ফাইলেৰিয়া ৰোগ নিৰ্মূল অভিযান।

author-image
Asomiya Pratidin
New Update
 সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ড্ৰাগছ সৰবৰাহ কৰিবলৈ বাধ্য কৰালে পিতৃয়ে

স্বাস্থ্য বিভাগে দিয়া বিনামূলীয়া ঔষধ খাই অসুস্থ ছাত্ৰ-ছাত্ৰী

ডিজিটেল সংবাদ, বিশ্বনাথঃ বৃহস্পতিবাৰৰ পৰা বিশ্বনাথ জিলা স্বাস্থ্য বিভাগে আৰম্ভ কৰিছিল ফাইলেৰিয়া ৰোগ নিৰ্মূল অভিযান। কিন্তু এই অভিযানত লাগিল অথন্তৰ।স্বাস্থ্য বিভাগে বিদ্যালয়ে বিদ্যালয়ে ফাইলেৰিয়া ৰোগ নিৰ্মূল কৰাৰ বাবে ছাত্ৰ -ছাত্ৰীক প্ৰদান কৰিছিল বিনামূলীয়া ঔষধ।

Advertisment

বিশ্বনাথ ঘাটৰ ফকৰুদ্দিন আলি আহমেদ হাইস্কুলৰ কণ কণ ছাত্ৰ ছাত্ৰীক স্বাস্থ্য বিভাগে প্ৰদান কৰিছিল বিনামূলীয়া ডি.ই.চি আৰু এলবেণ্ডাজল টেবলেট।এই টেবলেত খোৱাৰ পিছতে বিদ্যালয়ৰ ৫০ গৰাকীতকৈ অধিক ছাত্ৰ-ছাত্ৰী বিদ্যালয়তে অচেতন হৈ ঢলি পৰে।

ইতিমধ্যে বিদ্যালয় কতৃপক্ষ আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলে ছাত্ৰ ছাত্ৰী সকলক বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। স্থানীয় লোক আৰু অভিভাবক সকলে ছাত্ৰ ছাত্ৰীক কোনো ধৰনৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ স্বাস্থ্য বিভাগে এই ঔষধ খোৱাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

বিশ্বনাথৰ গোৱালতলি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অভিভাবক তথা স্থানীয় লোকে স্বাস্থ্য বিভাগ আৰু শিক্ষক সকলক জবাবদিহি কৰে। এক উত্তেজনা মূলক পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত। ইতিমধ্যে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া,আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Also Read: মঙলদৈত প্ৰসাদ খাই অসুস্থ প্ৰায় ৩০ গৰাকী