বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আৰক্ষী বিষয়াক সম্বৰ্ধনা

বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আৰক্ষী বিষয়াক সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আৰক্ষী বিষয়াক সম্বৰ্ধনা

ডিজিটেল সংবাদ, বিহালীঃ ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত বিশ্বনাথ চাৰিআলিৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বিশেষ পদক্ষেপ। নিকেতনৰ পৰিচালনা সমিতি, আচাৰ্য- আচাৰ্যা আৰু ছাত্ৰ ছাত্ৰী সন্মিলিত হৈ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সোন্তি হাজৰিকাৰ লগতে আৰক্ষী থানাত কৰ্মৰত বিষয়া সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

Advertisment

পুৱা ১০:৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা এই সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰে নিকেতনৰ প্ৰধান আচাৰ্য প্ৰফুল্ল ভৰালীয়ে। নিকেতনৰ আচাৰ্য বিনোদ শৰ্মাই শলাগৰ শৰাই আগবহোৱা অনুষ্ঠানটোত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সোন্তি হাজৰিকা, নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মনীষ কলিতাই বক্তব্য আগবঢ়ায় । নিকেতন পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক ত্রিদিপ বৰুৱা, ছাত্ৰ - ছাত্ৰী আচাৰ্য- আচাৰ্যা ,অভিভাৱক অভিভাবিকা উপস্থিত থকা আজিৰ এই অনুষ্ঠানত অৰ্ধশতাধিক আৰক্ষীৰ লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

Also Read: বনভোজ খাই উভতাৰ সময়তে পথ দুৰ্ঘটনা, দ' খাৱৈত পৰিল বাহন