বিশ্বনাথত পথ নিৰ্মাণক লৈ দুটা ফৈদৰ মাজত উত্তেজনা

বিশ্বনাথত পথ নিৰ্মাণক লৈ দুটা ফৈদৰ মাজত উত্তেজনা
Published on
Updated on

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ নিজ বিশ্বনাথ ঘাট গাওঁ পঞ্চায়তৰ অন্তৰ্গত মথাউৰি চেন্টাৰৰ পৰা ভোলাকাটা ৰোড পৰ্যন্ত এটি পথ নিৰ্মাণক লৈ সৃষ্টি হৈছে বৃহৎ বেমেজালিৰ৷ প্ৰায় চৈধ্য লাখ ৩৩ হাজাৰ টকীয়া পথটো কোন ঠিকাদাৰে নিৰ্মাণ কৰিছে,কোন আচঁনিৰ দ্বাৰা নিৰ্মানৰ কাম হ'ব,কিমান দৈৰ্ঘৰ কাম কৰা হ'ব এই বিষয়ে আজিও জ্ঞাত নহয় স্থানীয় ৰাইজ।

কাৰণ নিৰ্মানৰ কাম আৰম্ভ কৰা প্ৰায় এমাহ মান হ'ল যদিও আজি পৰ্যন্ত এই পথ নিৰ্মান কাৰ্যৰ কোনো আনুষ্ঠানিকতাও কোনো বিভাগ অথবা চৰকাৰী প্ৰতিনিধিয়ে কৰা নাই আৰু নিৰ্মানস্থলীত কোনো ধৰণৰ ফলকো লগোৱা নাই নিৰ্মানকাৰী লোকে।কেবল সিমানে নহয়।

স্থানীয় ৰাইজৰ অভিযোগ,চৰকাৰী ভূমিত পথ নিৰ্মাণ নকৰি আন ব্যক্তিৰ ম্যাদিপট্টা ভূমিত স্বঃইচ্ছাই নিৰ্মাণ কৰিছে পথ নিৰ্মানকাৰী লোক গৰাকীয়ে।যাক লৈ এতিয়া স্থানীয় ৰাইজ আৰু স্বয়ম্ভূ ঠিকাদাৰ দুয়ো ফৈদৰ মাজত চেপা উত্তেজনাৰ সৃষ্টি হৈছে।স্থানীয় লোকৰ মতে পানীভৰাঁল পঞ্চায়তৰ অন্তৰ্গত গড়ভিতৰ গাঁৱৰ আলটাফ হোছেইন নামৰ এজন চৰকাৰী শিক্ষকে নিজ খেয়াল খুচি মতে মইমতালি কৰি উক্ত পথটো নিৰ্মান কৰিছে ৷

কাৰণ পথটো নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ পৰাই স্থানীয় লোকে উক্ত কাম কাজ পৰিচালনা কৰা সদায় দেখি আহিছিল শিক্ষক আলতাফ হুছেইনক।স্থানীয় লোকত প্ৰশ্ন এজন শিক্ষকে কেনেকৈ পালে পঞ্চায়তৰ আঁচনিৰ কাম ! ইফালে,এইলৈ স্থানীয় ৰাইজে আজি সংবাদ মাধ্যমৰ কাষ চাপোতেই হঠাৎ নিজকে উক্ত নিৰ্মান কামৰ ঠিকাদাৰ বুলি ধুমকেতুৰ দৰে এন্ট্ৰী মাৰিলে আজিজুল হক নামৰ স্থানীয় এজন লোকৰ।

নিৰ্মাণ কাম আৰম্ভ হোৱাৰ পৰা উক্ত স্থানত স্থানীয় লোকে আজিজুল হকক কোনেও হেনো দেখা পোৱা নাছিল। সেয়েহে স্থানীয় ৰাইজ আৰু স্বয়ম্ভূ ঠিকাদাৰ ৰূপী আজিজুলৰ মাজত তীব্ৰ বাক্-বিতণ্ডাত সৃষ্টি হয় ৷যাৰ ফলত উক্ত অঞ্চলটোত এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয়।অবশেষত এই উত্তেজনাৰ খাম কাটে যদিও পুনৰ কিন্তু পথ নিৰ্মান কৰি থকা স্থানত পুনৰ এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হোৱাটো প্ৰায় নিশ্চিত।সেইহে স্থানীয় ৰাইজে দাবী জনাইছে,বিভাগীয় কতৃপক্ষৰ বিষয়া কৰ্মচাৰী উক্ত নিৰ্মানস্থলীত উপস্থিত হৈ এই বেমেজালি তথা পথটো নিদিষ্ট স্থানত সঠিক ভাৱে নিৰ্মাণ কৰি যাতায়াতৰ বাবে সুচল কৰি তুলক।

বিশ্বনাথত পথ নিৰ্মাণক লৈ দুটা ফৈদৰ মাজত উত্তেজনা
নিৰাপত্তা ক'ত? গুৱাহাটীত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in