বিশ্বনাথত সন্ত্ৰাস সৃষ্টি কৰিছে এটা গঁড়েঃ নিয়ন্ত্ৰণলৈ অনাত ব্যৰ্থ বন বিভাগ...

বিশ্বনাথত সন্ত্ৰাস সৃষ্টি কৰিছে এটা গঁড়েঃ নিয়ন্ত্ৰণলৈ অনাত ব্যৰ্থ বন বিভাগ...

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত সন্ত্ৰাস সৃষ্টি কৰিছে এটা গঁড়েঃ নিয়ন্ত্ৰণলৈ অনাত ব্যৰ্থ বন বিভাগ...

ডিজিটেল সংবাদ,বিশ্বনাথঃ বন্যপ্ৰাণীৰ মুক্ত বিচৰণস্থলীলৈ ৰূপান্তৰিত বিশ্বনাথ। আজি বিশ্বনাথত সন্ত্ৰাস চলাইছে এটা গঁড়ে। গড়ঁটোৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰিছে এজন লোকৰ। আক্ৰমণাত্মক হৈ উঠা গঁড়টোৱে এখন মটৰ চাইকেলত খুন্দা মাৰি আঘাতপ্ৰাপ্ত হয়।

Advertisment

বৰ্তমান বিশ্বনাথৰ ছোৱাগুৰীৰ হুছেইনীয়া মাদ্ৰাছাৰ সমীপত সন্ত্ৰাস চলাই আছে গঁড়টোৱে। ঘটনা সন্দৰ্ভত স্থানীয় লোকে বন বিভাগৰ লোকত খবৰ দিয়াত উক্ত স্থানত উপস্থিত হৈছে বিভাগীয় লোক।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়টোক পুনৰ ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সক্ষম হোৱা নাই বন বিভাগ। নিশাৰ ভাগত গঁড়টোৱে কোনো লোকক আক্ৰমণ কৰে বুলি আতংকিত হৈ আছে ৰাইজ।

biswanath rhino