আজিৰ পৰা আৰম্ভ উত্তৰ অসমৰ সৰ্ববৃহৎ ৰাস উৎসৱ বিশ্বনাথ ৰাস মহোৎসৱ...

আজিৰ পৰা আৰম্ভ উত্তৰ অসমৰ সৰ্ববৃহৎ ৰাস উৎসৱ বিশ্বনাথ ৰাস মহোৎসৱ...
আজিৰ পৰা আৰম্ভ উত্তৰ অসমৰ সৰ্ববৃহৎ ৰাস উৎসৱ বিশ্বনাথ ৰাস মহোৎসৱ...

ডিজিটেল সংবাদ বিশ্বনাথঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দশমত বর্ণিত "গগন নির্মল স্বচ্ছ ভৈল জল, দূৰ ভৈল মেঘগণ, মহাসুখকৰ সুৰভি শীতল বহে বায়ু সর্বক্ষণ" ৰ দৰে প্ৰকৃতিৰ বৈভৱশীল পৰিৱেশত উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস সমিতিৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে ৰাজ্যৰ অন্যতম বৃহৎ বিশ্বনাথ ৰাস মহোৎসৱ। ভগবান শ্রীকৃষ্ণৰ ৰাসলীলাৰ দৰে 'ইটো কামজয় কেলি' ৰ আধ্যাত্মিকতাৰ উহ বিচাৰি আজিৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে 'যত' গোপী তত' কৃষ্ণ'ৰ 'কেলিগোপাল' নাট আৰু শিশু কৃষ্ণৰ জীৱনৰ আধাৰত নৃত্য নাটিকা আদি প্ৰদৰ্শনৰ প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে।

এই ৰাস মহোৎসবে ইতিমধ্যে ২৫ টা শৰৎ পৰিক্ৰমা অতিক্ৰম কৰিছে। আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা পতাকা উত্তোলন আৰু ছহিদ তৰ্পন কৰাৰ পিছতে বিয়লি ২ বজাৰ পৰা তনুজা হাজৰিকা সোঁৱৰণী দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত অতিথি হিচাবে উপস্থিত থাকিব অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউট পষ্টৰ জনপ্ৰিয় অভিনেত্ৰী জবা খ্যাত যশশ্ৰী ভূঞা, জনপ্ৰিয় কৌতুক শিল্পী অতুল পাঁচনি আৰু বিকোদৰ বৰুৱা খ্যাত জনপ্ৰিয় অভিনেতা জ্যোতি ভূঞা।

আনহাতে আজি উদ্বোধন কৰা হ'ব এখন বৃহৎ বাণিজ্য আৰু গ্ৰন্থ মেলা। অসমৰ উপৰি বহিঃ ৰাজ্যৰ কলকাতা, উত্তৰ প্ৰদেশ, দিল্লী পৰা অহা বহু সংখ্যক বিপনীয়ে অংশ গ্ৰহণ কৰিছে বুলি আজি অনুষ্ঠিত হোৱা সংবাদমেলত জানিবলৈ দিছে উদযাপন সমিতিয়ে। কাৰ্যসূচীত জনপ্ৰিয় কণ্ঠশিল্পী বিদ্যাসাগৰ আদিৰ অংশ গ্ৰহণৰে জীপাল হ'ব লগা এই ৰাস মহোৎসৱ সামৰণি পৰিব অহা ২৭নৱেম্বৰত।

আনহাতে এই ৰাস মহোৎসৱে আধুনিক বিশ্বনাথৰ নিৰ্মাতা চেনীৰাম দাসক 'বিশ্বনাথ শিৰোমনি', বিশিষ্ট বিজ্ঞান লেখক ক্ষীৰধৰ বৰুৱাক 'প্ৰ্জ্ঞাসিন্ধু', বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰক 'বিশ্বনাথ বিভূষণ' আৰু বিশিষ্ট উদ্যোগী নৰেন শৰ্মাক বিশ্বনাথ বৈভৱ উপাধিৰে সন্মানিত কৰিব।

আজিৰ এই সংবাদ মেলত উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকা, কাৰ্যকৰী সভাপতি বসন্ত বৰা ,প্ৰধান সম্পাদক গৌতম দাধৰা, সম্পাদক ধনটি দত্ত আদি উপস্হিত থাকে।

আজিৰ পৰা আৰম্ভ উত্তৰ অসমৰ সৰ্ববৃহৎ ৰাস উৎসৱ বিশ্বনাথ ৰাস মহোৎসৱ...
Patanjali: ভুৱা বিজ্ঞাপন প্ৰচাৰ কৰা সত্য হ'লে ফাঁচী কাঠত ওলমিবলৈও প্ৰস্তুত ৰামদেৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in