Advertisment

বিশ্বনাথৰ ৰাসত আমিৰ খান নন্দ, যশোদাৰ ভাৱত জোনমনি বেগম...

বিশ্বনাথ ৰাস মহোৎসৱত এহাল ইছলাম ধৰ্মালম্বী দম্পতীয়ে অবতীৰ্ণ হল নন্দ যশোদাৰ ভাঁৱত।নন্দৰ চৰিত্ৰত সাংবাদিক আমিৰ খান আৰু তেখেতৰ সহধৰ্মিণী জোনমনি বেগমৰ দুৰ্দান্ত অভিনয়ে মনমুগ্ধ...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৰাস

ডিজিটেল সংবাদ, বিশ্বনাথঃ   বিশ্বনাথ ৰাস মহোৎসৱত এহাল ইছলাম ধৰ্মালম্বী দম্পতীয়ে অবতীৰ্ণ হল নন্দ যশোদাৰ ভাঁৱত।নন্দৰ চৰিত্ৰত সাংবাদিক আমিৰ খান আৰু তেখেতৰ সহধৰ্মিণী জোনমনি বেগমৰ দুৰ্দান্ত অভিনয়ে মনমুগ্ধ কৰি তুলে হাজাৰ হাজাৰ ভক্ত প্ৰাণ ৰাইজক।যি সময়ত জাতী ধৰ্ম বৰ্ণক লৈ ৰাজ্যত একাংশ লোকে সমাজত সাম্প্ৰদায়িক বিষয়বাস্প বিয়পাবলৈ চেষ্টা কৰিছে।

Advertisment

সেই সময়তে বিশ্বনাথৰ ইছলাম ধৰ্মালম্বী এই দম্পতীয়ে বৃহত্তৰ অসমীয়া জাতীৰ সম্প্ৰতিৰ এনাজৰি ডাল মজবুত কৰিবলৈ গ্ৰহন কৰা এই পদক্ষেপে বিশেষ তাপৎয্য বহন কৰিছে আৰু এই ইছলাম ধৰ্মালম্বী দম্পতী হালে এই বছৰ সৈতে উত্তৰ চাৰিআলি ৰাস ভূমিত নন্দ যশোদাৰ ভাঁৱত অবতীৰ্ণ হৈ ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল।এই দম্পতী হালৰ নন্দ উৎসৱ নাটত বিদুৰ ভাই বোলছবিৰ অভিনেতা উজ্জ্বল ৰাজখোৱা আৰু বলিন বৰাও দৰ্শকক হাঁহিৰ খোৰাক যোগায়।

উল্লেখ যে বিশ্বনাথৰ আঢ্যবন্ত সংস্কৃতিৰ নিটোল ৰূপত উপস্হাপনৰ প্ৰয়াস কৰা উত্তৰ অসমৰ সৰ্ববৃহৎ মুকলি ৰাস উৎসৱ সাৰ্বজনীন বিশ্বনাথ ৰাসউৎসৱত আজি অন্তিমটো অন্তিমটো নিশা উপস্হিত হয় যুৱ প্ৰজন্মৰ হাৰ্থঅফ জুবিন গাৰ্গে জুবিনে গাৰ্গে এই ৰাস মহোৎসৱ প্ৰতক্ষ্য কৰি অভিভূত হৈ পৰাৰ লগতে বিশ্বনাথক লৈ তেওঁ কিবা পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে যদিও সেই পৰিকল্পনা পৰবৰ্তী সময়তহে জনাব বুলি কয়।ইফালে জনপ্ৰীয় শিল্পী ৰিছা ভৰদ্বাজেও উক্ত নিশা এই ৰাস মহোৎসৱত ৰাধাৰ চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়।

এক প্ৰকাৰে জুবিন গাৰ্গক সন্মূখৰ পৰা প্ৰতক্ষ্য কৰিবলৈ আৰু ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা শিল্পী সকলক চাবলৈ হেতা-ওপৰা লগাৰ লগতে  ইছলাম ধৰ্মালম্বী দম্পতী আমিৰ খান আৰু জোনমনি বেগমৰ ভাও চাবলৈ এক জনসমূদ্ৰত ৰূপান্তৰিত হল বিশ্বনাথৰ ৰেলগেট স্থিত ৰাস বাকৰি।

ইফালে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ সভাপতি নিৰঞ্জন হাজৰিকা,কাৰ্যকৰী সভাপতি বসন্ত বৰাকে ধৰি উদযাপন সমিতিয়ে এই ৰাস বাকৰিৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাবলৈ প্ৰয়াস কৰিছে।গুৰুজনাৰ যি সপোন আছিল বিভিন্ন জাতি জনগোষ্ঠি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক বৃহত অসমীয়া জাতি নিৰ্মান কৰি বৰ অসম গঢ়ি তুলা।গুৰুজনাৰ এই নীতিকে অনুসৰণ কৰি উদযাপন সমিতিয়ে আগবাঢ়াৰ প্ৰয়াসে যথেষ্ট প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

বিশ্বনাথ