বিশ্বনাথৰ মাজবাঘমৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আবৰোধ স্থানীয় ৰাইজৰ

বিশ্বনাথৰ মাজবাঘমৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আবৰোধ স্থানীয় ৰাইজৰ

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ মাজবাঘমৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আবৰোধ স্থানীয় ৰাইজৰ

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ মাজবাঘমৰাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ।স্থানীয়লোক তথা মহিলাই বিশ্বনাথৰ মাজবাঘমৰাৰ এই বাছপাথৰ সমিপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি অতি শীঘ্ৰে এই পথ নিৰ্মান কৰাৰ বাবে জিলা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

উল্লেখ্য যে বিশ্বনাথৰ মাজবাঘমৰা অঞ্চলত থকা বাইপাছৰ সমিপত পথ নিৰ্মাণকাৰী সংস্থাই পথটি নিৰ্মাণ নকৰাৰ বাবে স্থানীয় ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে।

প্ৰতিদিনে পথ দুৰ্ঘটনাৰ লগতে সমগ্ৰ অঞ্চল ধূলিময় হৈ পৰিছে। যাৰ বাবে অঞ্চলবাসী বিভিন্ন বেমাৰ আজাৰত ভূগিবলগীয়া হৈছে। আনকি স্থানীয় লোকে ধূলিৰ বাবে নিজ ঘৰৰ বাহিৰত কাপোৰ কানি অথবা কোনো সামগ্ৰী বাহিৰত শুকুৱাব নোৱাৰা হৈছে।

ইতিমধ্যে অঞ্চলবাসী ৰাইজে জিলা প্ৰশাসনক বহু বাৰ স্মাৰক পত্ৰযোগে উক্ত পথটি নিৰ্মাণ কৰি দিয়াৰ বাবে আহ্বান জনাইছে যদিও আজি পৰ্যন্ত নিৰ্মাণ নকৰিলে নিৰ্মাণকাৰী সংস্থাই।

যাৰ বাবে আজি উপায়ন্তৰ হৈ স্থানীয় লোক তথা মহিলা ওলাই আহিল ৰাজপথত।ৰাজপথত ওলাই আহি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে স্থানীয় ৰাইজে।কিছু সময় ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটি অবৰোধ কৰাৰ পিছতে জিলা দণ্ডাধিক উক্ত প্ৰতিবাদস্থলীত উপস্হিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰে।

প্ৰতিবাদকাৰি সকলে স্মাৰক পত্ৰ যোগে সকিয়াই দিয়ে যে দুদিনৰ ভিতৰত যদি উক্ত পথ নিৰ্মান কৰি এই সমস্যা সমাধান নকৰে।তেনেহলে পুনৰ এই স্থানত দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰা হব আৰু ইয়াৰ বাবে স্থানীয় ৰাইজ জগৰীয়া নহয়।

Also Read: ছ'চিয়েলিষ্ট গাৰ্গৰ নতুন উবাচ...

protest