বিশ্বনাথ কমাৰজানত কিশোৰীৰ ৰহস্যজনক মৃত্যু...

বিশ্বনাথ কমাৰজানত কিশোৰীৰ ৰহস্যজনক মৃত্যু...
Published on
Updated on

ডিজিটেল সংবাদ, বিহালীঃ আজি বিশ্বনাথৰ কমাৰজানত সংঘটিত এক ৰহস্যজনক ঘটনাৰ খবৰে চাঞ্চল্য সৃষ্টি কৰিছে৷ প্ৰাপ্ততথ্যমতে নিজ ঘৰৰ বাৰীত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ মৃতদেহ৷ পোহৰলৈ অহা তথ্যমতে , নিশা ঘৰত পিতৃ-মাতৃ কোনো এগৰাকীলোক নথকাৰ সময়তে সংঘটিত হৈছে এই ঘটনা মৰ্মান্তিক ঘটনাটো৷

জানিব পৰামতে, কিশোৰী গৰাকীৰ পিতৃ কৰ্মসুত্ৰে থাকে অৰুণাছলত ৷ ঘটনা সংঘটিত হোৱা দিনা কিশোৰী গৰাকীৰ মাতৃ ৰাঙাপাৰালৈ আলহী খাবলৈ গৈছিল৷ ঘৰত ১০ বছৰীয়া ভায়েকৰ সৈতে নিশা অকলশৰে আছিলকিশোৰী গৰাকী৷ পুৱা ৬ বজাত বাৰীত চিপ লৈ থকা অৱস্থাত ভায়েকে প্ৰতক্ষ্য কৰে মৃতদেহটো।

স্থানীয় লোকে সদৰি কৰামতে মৃতদেহটোৰ ভৰি হাল মাটিত লাগি থকাৰ লগতে দেহৰ পৰা তেজ নিৰ্গত হৈছে৷ ইপিনে আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰি মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰন কৰিছে বুলি জানিব পৰী গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in