/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/kaziranga.png)
ডিজিটেলসংবাদ,বিশ্বনাথ: একাংশ মাংস লোভী মানুহৰ নিৰ্লজ কাণ্ড। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া ম'হ বধ কৰি উদৰ পুৰালে বিশ্বনাথৰ একাংশ মাংস লোভী লোকে। বুধবাৰে বিশ্বনাথ জিলা বন্য প্ৰাণী সংমণ্ডলৰ বন বিষয়া ইকবাল হুছেইনৰ নেতৃত্বত আৰু বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ সহযোগত বিশ্বনাথৰ বালিডুবি অঞ্চলৰ পৰা বনৰীয়া ম'হৰ কলিজা আৰু ছাল সহ ৰহমত আলি নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে এই কথা পোহৰলৈ আহে।
উল্লেখ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চল বালিডুবিতলৈ প্ৰায়ে খাদ্যৰ সন্ধানত ওলাই আহে বহু বন্যপ্ৰাণী। কিন্তু একাংশ মাংস লোভী লোকে এই বন্যপ্ৰাণী পুনৰ কাজিৰঙাৰ দিশে ট্ৰেক্টৰৰ সহায়ত খেদাৰ নামত বন্যপ্ৰাণী বোৰক ট্ৰেক্টৰৰে আঘাত কৰি পিছৰ পৰ্যায়ত সেই বন্য প্ৰাণী বধ কৰি নিজৰ উদৰ পুৰায়।
যোৱা মংগল বাৰেও বিশ্বনাথৰ বালিডুবি অঞ্চলত খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড ম'হ ট্ৰেক্টৰৰে আঘাত কৰি নিশাৰ ভিতৰতে মাংসৰে ভোজ ভাত খালে দানৱৰূপী একাংশ লোকে।ইতিমধ্যে বন বিভাগৰ লোকে বিশ্বনাথ আৰক্ষীৰ সহযোগত মৃত ম'হটোৰ কলিজা আৰু ছাল সহ ৰহমত আলি নামৰ গজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
এইফালে বন বিভাগৰ অভিযানকাৰী দলটোয়ে এই ম'হ বধ কৰা ঘটনাৰ লগত জড়িত মূল অভিযুক্ত হজৰত আলি আৰু আন আন লোকক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে লগতে এই ম'হ বধ কাৰ্যত ব্যবহাৰ কৰা ট্ৰেক্টৰটোও বুধবাৰে নিশা জব্দ কৰিব বুলি জানিব দিছে বন বিষয়া ইকবাল হুছেইনে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us