ডিজিটেল সংবাদ, ছয়দুৱাৰ: পৰিপুষ্ট সমাজৰ দিশে অবিৰত যাত্ৰা গ্ৰহণ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ কাৰণে গ্ৰহণ কৰা অভিলাষী আঁচনিৰ অধীনত আজি বিশ্বনাথ জিলাতো নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে বিশ্বনাথ, বিহালী আৰু গহপুৰত তিনিখনকৈ পৃথক পৃথক সভাত ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰা হয়। বিশ্বনাথ সমষ্টিৰ হিতাধিকাৰী সকলৰ বাবে কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত এখন সভাত বিধায়ক প্ৰমোদ বৰঠাকুৰে, বিহালী বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ বাবে বৰগাংস্হিত শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱালে আৰু গহপুৰ বিধানসভা সমষ্টিৰ বাবে গহপুৰ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্হিত পেৰেড গ্ৰাউণ্ড হলত গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই হিতাধিকাৰীসকলৰ মাজত ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে।
উল্লেখ্য যে, বিশ্বনাথ জিলাখনত (নদুৱাৰ সমষ্টিৰ অংশ সামৰি) সংযোজিত হৈছে মুঠ ৯১২৫ খন ৰেচন কাৰ্ড আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰা উপকৃত হ'ব মুঠ ৪৪,৮৯৪ টা পৰিয়াল তথা ৭৬,৩৩৮ গৰাকী নতুন হিতাধিকাৰী।
প্ৰাপ্ত তথ্য অনুযায়ী বিশ্বনাথ বিধানসভা সমষ্টিত এই প্ৰক্ৰিয়াৰ অধীনত নতুন ৰেচন কাৰ্ডৰ সংখ্যা হৈছে ২৮৮৭ খন। ইয়াৰ দ্বাৰা উপকৃত হ'ব ১৮,৪০৭ টা পৰিয়াল আৰু ২৮,৯৮৮ গৰাকী হিতাধিকাৰী। বিশ্বনাথৰ অনুষ্ঠানটিত বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে বিশ্বনাথৰ জিলা আয়ুক্ত মুণিন্দ্ৰ নাথ ঙাটে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, অতিৰিক্ত জিলা আয়ুক্তদ্বয় ৰাকেশ ডেকা, হৃদয় কুমাৰ দাস, সহকাৰী আয়ুক্ত পুষ্পাংকৰ পাতিৰ, খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালক ভূপেন চন্দ্ৰ বৈশ্য, বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰৰ উপৰিও জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল ।
একেদৰে বিহালী বিধানসভা সমষ্টিত এই প্ৰক্ৰিয়াৰ অধীনত নতুন ৰেচন কাৰ্ডৰ সংখ্যা হৈছে ১৯২৬ খন। ইয়াৰ দ্বাৰা উপকৃত হ'ব ১২,৩৯২ টা পৰিয়াল আৰু ১৯,২৪৫ গৰাকী হিতাধিকাৰী। বিহালী সমজিলাৰ অনুষ্ঠানটিত বিহালী বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱালৰ লগতে বিহালী সমজিলাৰ সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, সহকাৰী আয়ুক্ত দিপ্তীৰেখা হাজৰিকা, বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দেবানন্দ নাথ, বাঘমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তী, খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল ।
আনহাতে গহপুৰ বিধানসভা সমষ্টিত এই প্ৰক্ৰিয়াৰ অধীনত নতুন ৰেচন কাৰ্ডৰ সংখ্যা হৈছে ৩৪৯৬ খন। ইয়াৰ দ্বাৰা উপকৃত হ'ব ১০,২৩৪ টা পৰিয়াল আৰু ২২,২০৮ গৰাকী হিতাধিকাৰী। আজিৰ অনুষ্ঠানটিত গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত উৎপল বৰাৰ লগতে গহপুৰ সমজিলাৰ সমজিলা লুকুমনি বৰা, হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ত্ৰিলিনা টাইদ, সহকাৰী আয়ুক্ত চয়নিকা হাজৰিকা, খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ, সমজিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল ।