/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথ: আধাৰ কাৰ্ডৰ নামত চাহ বাগিচাৰ সহজ সৰল শ্ৰমিকক বহি:ৰাজ্যৰ যুৱকৰ প্ৰৱঞ্চনা।দৰচলাতে A.T.E.P.F.O ৰাজ্যৰ বিভিন্ন চাহ বাগিচা কতৃপক্ষক চাহ বাগিচাৰ শ্ৰমিক সকলক অধাৰকাৰ্ড বনোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে।
যাৰ ভিত্তিত চাহ বাগিচা সমূহত North East Small Finance Bank য়ে চাহ বাগিচা সমূহত আধাৰ কেন্দ্ৰ স্থাপন কৰি নিযুক্তি প্ৰদান কৰিছে অপৰেটৰ হিচাপে দেশৰ বিভিন্ন স্থানৰ যুৱকক।কিন্তু তাৰ মাজতে আজি বিশ্বনাথৰ সাকোমঠা চাহ বাগিচা কতৃপক্ষই পোহৰলৈ আনিলে এই আধাৰৰ কাৰ্ডৰ নামত বাগিচাখনৰ শ্ৰমিকক প্ৰবঞ্চনা কৰা এজন বহি:ৰাজ্যৰ যুৱকৰ কাণ্ড।
নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ কোম্পানীয়ে আধাৰ কেন্দ্ৰৰ আপৰেটৰ হিচাপে বিশ্বনাথৰ সাকোমঠা চাহ বাগিচাত নিয়োগ কৰা আনন্দ কুমাৰ নামৰ ৰাচিৰ যুৱকজনে আধাৰ কাৰ্ডৰ নামত সহজ সৰল চাহ বাগিচাৰ শ্ৰমিকৰ পৰা গ্ৰহন কৰি আহিছিল ধন।দিন হাজিৰা কৰা বাগিচাৰ শ্ৰমিক সকলৰ পৰা এটা আধাৰৰ নামত ডেৰশ টকাকৈ সংগ্ৰহ কৰাৰ লগতে বাগিচাখনৰ শ্ৰমিক সকলক ভূৱা জন্মৰ প্ৰমান পত্ৰ প্ৰদান কৰি প্ৰতিখনত ৬০০ টকাকৈ সংগ্ৰহ কৰি আহিছিল ।
কিন্তু আজি চাহ বাগিচা কতৃপক্ষই বহি:ৰাজ্যৰ যুৱকজনৰ কৰ্ম কাণ্ডত সন্দেহ ওপজাত জিলা প্ৰশাসনক খবৰ দিয়ে।লগে লগে জিলা কাৰ্যবাহী দণ্ডাধিক কংকনা শইকীয়া উক্ত চাহ বাগিচাত উপস্থিত হৈ নথি পত্ৰ জব্দ কৰাৰ লগতে বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে আটক কৰে বহি:ৰাজ্যৰ যৱবক জনক আৰু জব্দ কৰে আধাৰ বনোৱা মেচিন সহ আন আন নথি পত্ৰ সমূহ।
আৰু পঢ়ক: জামিন মঞ্জুৰ বিধায়ক জিগনেশ মিৱানীৰ…