বিশ্বনাথৰ ৩গৰাকীকৈ ৪৫ বছৰ বয়সৰ শিক্ষাৰ্থী অৱতীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত

বিশ্বনাথৰ ৩গৰাকীকৈ ৪৫ বছৰ বয়সৰ শিক্ষাৰ্থী অৱতীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত

author-image
asomiyapratidin
New Update
বিশ্বনাথৰ ৩গৰাকীকৈ ৪৫ বছৰ বয়সৰ শিক্ষাৰ্থী অৱতীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত

ডিজিটেল সংবাদ,বিশ্বানাথ: বিশ্বনাথ চাৰিআলিৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ তিনিগৰাকী শিক্ষাৰ্থী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ ইয়াৰে এগৰাকী হ'ল বিশ্বনাথ ঘাটৰ গড়ভীতৰ গাওঁৰ শিক্ষক আলতাফ হুছেইনৰ পত্নী বুলবুলি খাতুন।বুলবুলি খাতুনে ৪৫ বছৰ বয়সত বিশ্বনাথ হাইস্কুল কেন্দ্ৰত অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

Advertisment

বুলবুলি খাতুনৰ জেষ্ঠ কন্যা অহা শিক্ষা বৰ্ষত অৱতীৰ্ণ হ'ব ক'লা শাখাৰ স্নাতকোত্তৰৰ অন্তিম ষান্মাসিক পৰীক্ষাত।তথাপিও কিন্তু প্ৰৱল ইচ্ছা শক্তি থকাৰ বাবে এইদৰে আজিৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে শিক্ষাৰ্থী গৰাকী।

কেৱল এই গৰাকী শিক্ষাৰ্থীয়ে নহয়,বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয়ত ৪৫ বছৰ বয়সৰ মুঠ তিনি গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। বিশ্বনাথ জিলাতো মুঠ ২৪ টা পৰীক্ষা কেন্দ্ৰত ১০৮২৩ গৰাকী ছাত্ৰ ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে।

কিন্তু তাৰ মাজতে ৪৫ বছৰ বয়সৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা তিনিগৰাকী শিক্ষাৰ্থী চৰ্চাৰ বিষয় হৈ পৰিছে। শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বয়স কেতিয়াও অন্তৰায় যে হ'ব নোৱাৰে তাকে প্ৰতিপন্ন কৰিলে বিশ্বনাথৰ এই তিনিগৰাকী মহিলাই।উল্লেখযোগ্য যে,এই তিনিগৰাকী শিক্ষাৰ্থী অংগনবাড়ী কৰ্মী।

assam biswanath hslc