/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/zuuu.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথঃ "মই দম দিয়া মানুহ হয়,যদি মোৰ দমত চলে তেনেহলে মই বিশ্বনাথৰ বন্ধ হৈ থকা ছবি গৃহটো খোলাই দিম।" আজি বিশ্বনাথ মহাবিদ্যালয়ত উপস্থিত হোৱা অসমৰ যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে এনেদৰে কয়।
উল্লেখ্য যে হাজাৰ হাজাৰ গুনমুগ্ধৰ মাজত জুবিন গাৰ্গে কাঞ্চনজংঘাৰ প্ৰচাৰ চলাই আৰু চিনেমা খন চাবলৈ নিমন্ত্ৰন জনাই। ৬ তাৰিখে ছবি গৃহত জুবিন গাৰ্গৰ নতুন চিনেমা কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে বিশ্বনাথ মহাবিদ্যালয়ত জুবিন গাৰ্গ উপস্হিত হোৱাৰ লগে লগে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত হেতা ওপৰা লগে এবাৰ জুবিনক কাষৰ পৰা চাবলৈ অথবা একপি ছেল্ফী লবলৈ।
তাৰ মাজতে জুবিনে ছাত্ৰ ছাত্ৰীৰ মাজত কাঞ্চনজংঘা ছবিৰ দুটা গীত গুনগুনাই সকলোকে এই চিনেমাখন চাবলৈ অনুৰুধ জনায়। উল্লেখ্য যে বিশ্বনাথত থকা একমাত্ৰ গল্ড ছবি গৃহটো বৰ্তমান বন্ধ হৈ থকাৰ বাবে জুবিনে এনেদৰে কয়। আনহাতে খোলাব নোৱাৰিলে নিজাকৈ স্কিনিং কৰি এই চিনেমাখন প্ৰদৰ্শনী কৰিব বিশ্বনাথ মহাবিদ্যালয়ত। উক্ত অনুষ্ঠানত কাঞ্চনজংঘাৰ শিল্পী সকল উপস্থিত থাকে।