বিশ্বনাথত আই দি বি আই বেংকৰ শাখা মুকলি...

বিশ্বনাথত আই দি বি আই বেংকৰ শাখা মুকলি...

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত আই দি বি আই বেংকৰ শাখা মুকলি...

ডিজিটেল ডেস্কঃ বিশ্বনাথত আই দি বি আই বেংকৰ এটা শাখা মুকলি কৰা হয়। বিশ্বনাথ নগৰৰ কলকাতা বজাৰৰ সমীপত ১৯৬৪ চনত আৰম্ভ হোৱা এই কমাৰচিয়েল বেংকটিৰ শাখা ফিটা কাটি মুকলি কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰে ।

আনহাতে বেংকৰ এটিম টি উদ্বোধন কৰে উপ পৌৰপতি দীপক শইকীয়াই । ব্ৰাঞ্চ মেনেজাৰ দিবাকৰ দাসে আঁত ধৰা অনুষ্ঠানত আই দি বি আই বেংকৰ ৰিজ'নেল হেড দীপাংকৰ দাসে এই বেংকৰ জৰিয়তে চেভিংছ একাউণ্ট ,ফিক্স ডিপজিট,ৰেকাৰিং ,কাৰেণ্ট একাউণ্ট আদি চাৰ্ভিছৰ লগতে হাউচিং লোণ ,ইণ্ডাষ্ট্ৰীয়েল লোণ ,

এডুকেশ্বনেল লোণ আদি ল’ব পৰা বিভিন্ন সুবিধা থকাৰ লগতে যিকোনো চৰকাৰী সুবিধা পোৱা লোকসকলৰ বাবে বাবে জিৰ বেলেঞ্চৰ একাউণ্ট খোলাৰ সুবিধাৰ লগতে এই বেংকৰ জৰিয়তে এল আই চিৰ প্ৰিমিয়াম দিবলৈ পাৰিব বুলিও জানিবলৈ দিয়ে৷ এই অনুষ্ঠানত ৱাৰ্ড সদস্য মিলন বৰা, নমী কলিতা,সংবাদকৰ্মী সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

বিশ্বনাথ