বিশ্বনাথৰ কোষাগাৰ বিষয়াৰ মইমতালি : সময়ত দৰমহা নাপাই চৰকাৰী কৰ্মচাৰীয়ে

বিশ্বনাথৰ কোষাগাৰ বিষয়াৰ মইমতালি : সময়ত দৰমহা নাপাই চৰকাৰী কৰ্মচাৰীয়ে

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ কোষাগাৰ বিষয়াৰ মইমতালি : সময়ত দৰমহা নাপাই চৰকাৰী কৰ্মচাৰীয়ে

ডিজিটেল সংবাদ, বিহালী: অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰী সকলক মাহৰ মূৰত মাহেকীয়া বেতন সমূহ সুকলমে লাভ কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি কৰ্মচাৰীক দৰমহা প্ৰদানৰ সকলো ব্যৱস্থা ডিজিটেল কৰাৰ সময়তে বিশ্বনাথ চাৰিআলিস্থিত জিলা কোষাগাৰ কাৰ্যালয়ত চৰকাৰী কৰ্মচাৰীক সময়মতে দৰমহা প্ৰদানৰ ক্ষেত্ৰত চৰম বৈষম্যৰ সৃষ্টি হৈছে।

Advertisment

এক বিশেষ সূত্ৰে জানিব পৰামতে, বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষক কৰ্মচাৰীৰ নবেম্বৰ মাহৰ দৰমহাৰ মাহেকীয়া বিলসমূহ সকলো চৰকাৰী যাবতীয় নীতি-নিয়ম সম্পূৰ্ণ কৰি শিক্ষা খণ্ডটোৰ কৰ্মচাৰীয়ে কোষাগাৰ কাৰ্যালয়ত জমা দিয়ে আৰু কোষাগাৰ বিষয়াগৰাকীয়ে স্বাক্ষৰ কৰি ইয়াত অনুমোদন জনাই দৰমহাসমূহ মোকোলাই দিবলৈ তেওঁৰ অধীনস্থ জনৈক ৰিকু নামৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক দায়িত্ব দিয়ে।

কিন্তু এই জনৈক ৰিকু নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে এক নম্বৰ টোকন প্ৰাপ্ত বিহালী শিক্ষা খণ্ডৰ শিক্ষক কৰ্মচাৰীসকলক দৰমহা মোকোলাই নিদি চৰম মইমতালি দেখুৱাই বিলসমূহ তেওঁৰ টেবুলত পেলায় থয়। যাৰ কাৰণে মাহৰ ৫ তাৰিখলৈকে কৰ্মচাৰী সকলে দৰমহা পোৱাটো সম্ভৱ নহ'ল।

এনেদৰে কোষাগাৰ কাৰ্যালয়ৰ দৰে এক গুৰুত্বপূৰ্ণ কাৰ্যালয়ত চলা দুৰ্নীতি অনিয়মৰ বিষয়সমূহৰ ক্ষেত্ৰত শিক্ষা খণ্ডটোৰ কৰ্মচাৰীযসকলে জিলা আয়ুক্ত ৰ কঠোৰ হস্তক্ষেপ কামনা কৰিছে আৰু এনেধৰণৰ দুৰ্নীতি পৰায়ন কোষাগাৰ কৰ্ম চাৰীৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰিছে।

biswanath