/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3084747e-1067-4347-a14a-400212940eec/BISWANATH_21.jpg)
বিশ্বনাথত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ ধৰ্ণা...
ডিজিটেল সংবাদ বিহালীঃ দেশৰ শাসনাধিস্ত মোডী নেতৃত্বাধীন চৰকাৰৰ দিনত দেশৰ কৰ্মচাৰীৰ ভৱিষ্যৎ জীৱন অন্ধকাৰছন্ন হৈ পৰিছে ৷ সু-শাসনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতা হস্তগত কৰা মোডী চৰকাৰে দেশৰ কৰ্মচাৰীক পেঞ্চনহীন কৰাত ক্ষোভিত কৰ্মচাৰী সমাজ ৷
যিসময়ত দেশৰ সকলো কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণৰ পিছৰ জীৱন সময়চোৱা অভাৱ-সমস্যাৰে এঘড়ী যুঁজিবলৈ পুৰণি পেঞ্চন নীতি (OPS)ৰ দাবী কৰি আহিছে সেইসময়তো শাসনাধিস্ত মোডী চৰকাৰখনে কৰ্মচাৰীক পুৰণি পেঞ্চন ব্যৱস্থা বাহাল কৰাৰ বিপৰীতে নতুন পেঞ্চন নীতি (NPS)বাহাল ৰখা কাৰ্যত আকোঁৰগোজ স্থিতি গ্ৰহণ কৰি আহিছে৷ যাৰবাবে কৰ্মচাৰী সমাজৰ পঞ্জীভূত ক্ষোভৰ উদ্-গিৰণ ঘটিছে৷
উল্লেখ্যযোগ্য যে, পুৰণি পেঞ্চন নীতি বাহাল আৰু নতুন পেঞ্চন নীতি বাতিলৰ দাবী অব্যাহত থকাৰ সময়তে আজি ৰাজ্যৰ আন-আন জিলা সদৰ এলেকাৰ দৰে বিশ্বনাথ জিলাটো নতুন পেঞ্চন নীতি বাতিলৰ দাবীত সদৌ অসম কৰ্মচাৰী সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে দীৰ্ঘদিনীয়া দাবীৰ সমাধানৰ বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত দুদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে প্ৰথম দিনা ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷
সংগঠনটোৰ কৰ্মচাৰী সমাজে প্ৰতিবাদস্থলীত NPS বাতিল কৰি OPS বাহাল ৰাখক,আদি শ্ল'গানৰে প্ৰতিবাদস্থলী উত্তাল কৰে৷ কৰ্মচাৰী সংগঠনটোৱে সদৰি কৰামতে অহা ২৯ ডিচেম্বৰ তাৰিখে দিনজোৰা কাৰ্যসূচীৰে প্ৰতিবাদ সাৱ্যস্ত কৰিব ৷
Also Read: চতিয়াত নিৰ্মাণ হোৱা গুৰু আসন নিবলৈ আহিলে আমেৰিকাৰ নিবাসী...