ধনৰ বিনিময়ত টিকট প্ৰদান! বিশ্বনাথ জিলা কংগ্ৰেছত তুংগত উঠিছে অন্ত:কন্দল

ধনৰ বিনিময়ত টিকট প্ৰদান! বিশ্বনাথ জিলা কংগ্ৰেছত তুংগত উঠিছে অন্ত:কন্দল

author-image
Asomiya Pratidin
New Update
ধনৰ বিনিময়ত টিকট প্ৰদান! বিশ্বনাথ জিলা কংগ্ৰেছত তুংগত উঠিছে অন্ত:কন্দল

ডিজিটেল সংবাদ, বিশ্বনাথঃ ধনৰ বিনিময়ত পঞ্চায়ত প্ৰাৰ্থীক টিকট প্ৰদানৰ বিষয়ক লৈ পুনৰ উত্তাল হৈ পৰিছে বিশ্বনাথ জিলা কংগ্ৰেছৰ ভিতৰ চ'ৰা।কাৰ্যতঃ সন্মিলিত বিৰোধীৰ বিজেপি ৰোধৰ কৌশল ৰচনাৰ মাজতে এইবাৰ জিলা কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে ধনৰ বিনিময়ত টিকট প্ৰদানৰ অভিযোগে দলটোৰ ভেটিত  কঁ‌পনি তুলিছে।

Advertisment

ইফালে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ বিৰুদ্ধে  ক্ষুদ্ধ হৈ পৰিছে কগ্ৰেছৰ একাংশ  তৃণমূল কৰ্মী। দেওবাৰে সংবাদ মেল পাতি  কৰ্মীৰ অভিযোগ- সভাপতি দিলীপ বৰুৱাই বিশ্বনাথ জিলা কংগ্ৰেছক পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে।  আনকি  বিগত পঞ্চায়ত নিৰ্বাচনত ধনলৈ দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰা আৰু  বিগত বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰো অভিযোগ তুলিছে বিশ্বনাথ জিলা কংগ্ৰেছৰ একাংশ কৰ্মী তথা পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীয়ে। 

বিশ্বনাথত অনুষ্ঠিত এক সংবাদ মেলত এই অভিযোগ উত্থাপন এই সকল কংগ্ৰেছ কৰ্মীৰ। ইফালে  বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ সমৰ্থনত চতিয়া ব্লক কংগ্ৰেছৰ সভাপতি হৃদয়জ্যোতি শ‌ইকীয়া আৰু বিশ্বনাথ যুৱ কংগ্ৰেছৰ সম্পাদক জাহাংগীৰ হুছেইনে যোৱা ২৬অক্টোবৰত এক সংবাদ মেল অনুষ্ঠিত কৰি বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দলীয় প্ৰাৰ্থী অঞ্জন বৰাই জিলা কংগ্ৰেছৰ নেতৃত্বত ৬২ হাজাৰ ভোট লাভ কৰিছিল বুলি দাবী কৰিছিল।

তাৰ পিছতে বিশ্বনাথ চাৰিআলিত পৃথকে পৃথকে সংবাদ মেল অনুষ্ঠিত কৰি জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিগত বিশ্বনাথ বিধানসভা সমষ্টিৰ কংগ্ৰেছ  দলৰ প্ৰাৰ্থী অঞ্জন বৰা আৰু বিগত পঞ্চায়ত নিৰ্বাচনৰ একাংশ প্ৰাৰ্থী।

অঞ্জন বৰাই সংবাদ মেল সম্বোধন কৰি কয় যে  বিগত বিধানসভা নিৰ্বাচনত জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই কোনো সহায় কৰা নাছিল।বৰঞ্চ দলীয় প্ৰাৰ্থীৰ বিৰোধিতাহে কৰিছিল বুলি অভিযোগ তুলি  অঞ্জন বৰাই কয় ৬২ হাজাৰ ভোট দলৰ তৃণমূল পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মী আৰু তেওঁৰ শুভাকাংক্ষী সকলৰ পৰা লাভ কৰিছিল।তাত জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ কোনো ভূমিকা নাছিল।

একে দিনাই অনুষ্ঠিত হোৱা আন এখন সংবাদ মেলত বিগত পঞ্চায়ত নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী ছোৱাগুৰি গাওঁ পঞ্চায়তৰ নিৰ্বাচিত সভাপতি দিলোৱাৰ হুছেইন আৰু পানীভৰাল গাওঁ পঞ্চায়তৰ সক্ৰিয় কংগ্ৰেছ কৰ্মী চৈয়দ আলীৰ বিৰুদ্ধে অভিযোগ কৰে। সংবাদমেলত দলীয় প্ৰাৰ্থীত্বৰ আলীয়ে বাবে জিলা সভাপতি দিলীপ বৰুৱাক টিকটৰ বাবে দুই লক্ষাধিক টকা বেংক একাউণ্টৰ জৰিয়তে আদায় দিয়াৰ তথ্য সহকাৰে বেংকৰ ৰিচিপ্ট প্ৰৰ্দশন কৰে । 

তদুপৰি শকত অংকৰ ধন  দিলীপ বৰুৱাৰ হাতত প্ৰদান কৰাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰে দলীয় কৰ্মী সকলে। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাক সভাপতিৰ পৰা অব্যাহতি দিবলৈ আহ্বান জনাইছে একাংশ কৰ্মীয়ে। বিশ্বনাথ জিলা কংগ্ৰেছৰ একাংশ তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ স্পষ্ট অভিযোগ দিলীপ বৰুৱাৰ নেতৃত্বত বিশ্বনাথত কংগ্ৰেছৰ ভেঁটি উচন হোৱাটো নিশ্চিত। 

Also Read: অভিশপ্ত ৩০ অক্টোবৰঃ ভয়ংকৰ ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাই থৈ গৈছিল ৰাজ্য

congress