অমানৱীয় : কন্যা সন্তান জন্ম হোৱাৰ বাবেই মাতৃয়ে পুখুৰীত দলিয়ালে নৱজাতকক...

শিশু হত্যাৰ ঘটনাই জোকাৰি গৈছে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ মহালক্ষ্মী বস্তিক।

author-image
Asomiya Pratidin
New Update
অমানৱীয় : কন্যা সন্তান জন্ম হোৱাৰ বাবেই মাতৃয়ে পুখুৰীত দলিয়ালে নৱজাতকক...

ডিজিটেল সংবাদ, বিশ্বনাথ : এইবাৰ শিশু হত্যাৰ ঘটনা বিশ্বনাথত। যি ঘটনাই জোকাৰি গৈছে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ মহালক্ষ্মী বস্তিক।পূৰ্বতে কন্যা শিশু থকাৰ বাবেই নৱজাতিকাক পুখুৰীলৈ দলিয়াই হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ।পাষাণ মাতৃয়ে জন্মৰ পিছতে স্বামীৰ অজ্ঞাতে যোৱা ২৪ এপ্ৰিলৰ নিশা ঘৰৰ পুখুৰীলৈ সদ্য জন্মপ্ৰাপ্ত দেৱ শিশুক পানীলৈ দলিয়াই দিয়ে।

Advertisment

বুধবাৰে পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। মহালক্ষ্মী বস্তিৰ পাষাণ মাতৃ জুছনা খাণ্ডোৱালে ২৪ এপ্ৰিলৰ নিশা শৌচাগাৰলৈ যোৱা অৱস্থাতে এটি শিশু প্ৰসৱ কৰে। প্ৰসৱৰ এই ঘটনা গোপনে ৰাখি এই নিদাৰুণ মাতৃৱে সদ্য জন্মপ্ৰাপ্ত শিশুটিক কাষৰে পুখুৰীলৈ নিক্ষেপ কৰে। জানিব পৰা মতে, এই প্ৰসৱৰ ঘটনা আনকি নিজৰ পতিকো জনোৱা নাছিল পত্নীয়ে। জন্ম প্ৰাপ্ত শিশুটি আছিল কন্যা শিশু ।

জুছনাৰ পূৰ্বেও এটি কন্যা সন্তান আছিল। সন্দেহ কৰা মতে, পুত্ৰ সন্তান জন্ম নোহোৱাৰ বাবেই মাতৃয়ে এই অমানৱীয় সিদ্ধান্ত ল'লে। দুদিন পূৰ্বৰ ঘটনা যদিও বুধবাৰে শিশুটি পানী ওপঙি পৰাৰ পিছতে হুৱাদুৱা লাগে। স্থানীয় ৰাইজ, বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছামদান হাজুৱালীৰ নেতৃত্বত ঘটনাস্থলীত উপস্থিত হৈ সদ্যজাত কন্যাশিশুটিৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰাৰ লগতে পিতৃ-মাতৃকো আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। এই ঘটনাই এতিয়া সমগ্ৰ বিশ্বনাথত চাঞ্চল্য সৃষ্টি কৰিছে।

Also Read: এইবাৰ লখিমপুৰ, শিৱসাগৰ, শিলচৰ, হাফলঙতো হ'ব "অসম গ্ৰন্থমেলা"...

biswanath