/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
ডিজিটেল সংবাদ, বিশ্বনাথ : বিশ্বনাথৰ চতিয়াৰ গেৰেকীত শোকাৱহ দুৰ্ঘটনা ৷ এখন i20 বাহন আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত নিহত ৩ গৰাকী লোক ৷ নিহত কেইজনৰ ঘৰ চতিয়াৰ পুৰণি চেন্টাৰত ৷ চতিয়াৰ গেৰেকীৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকে সন্মুখৰ পৰা খুন্দা মৰাত এই দুৰ্ঘটনা সংঘটিত হয় ৷
ইতিমধ্যে দুৰ্ঘটনাত মৃত তচিব ৰহমান (৩৫)ৰ ভতিজা জায়েব (১বছৰ) আৰু তেওঁৰ ভাই বোৱাৰী বিউতি খাতুন (৩০) নিহত হৈছে ৷ এই দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত তচিবৰ পত্নী তবছুম খাটোনক আৰু নিহত সকলোকে বিশ্বনাথ চাৰিআলি অসামৰিৰ চিকিৎসালয়ত লৈ অনা হয় যদিও চিকিৎসকে তচিব ৰহমান, তচিবৰ ভাই বোৱাৰী আৰু ভতিজাৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে আৰু ইফালে মৃত তচিবৰ পত্নীক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে ৷ আনহাতে, ট্ৰাকৰ চালকে পলায়ণ কৰিছ