কেএলঅ'ৰ লগত আলোচনা যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়িছে : বিশ্বজিৎ ৰায়

কেএলঅ' আৰু ভাৰত চৰকাৰৰ মাজত হ'ব লগা সাম্ভব্য শান্তি আলোচনাৰ বাবে কেএলঅ'ৰ অধ্যক্ষ জীৱন সিংহ কোচে গঠন কৰি দিছিল শান্তি কমিটি।
কেএলঅ'ৰ লগত আলোচনা যোগাত্মক দৃষ্টিভংগীৰে আগবাঢ়িছে : বিশ্বজিৎ ৰায়

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কেএলঅ' আৰু ভাৰত চৰকাৰৰ মাজত হ'ব লগা সাম্ভব্য শান্তি আলোচনাৰ বাবে কেএলঅ'ৰ অধ্যক্ষ জীৱন সিংহ কোচে গঠন কৰি দিছিল শান্তি কমিটি। এই কমিটিৰ অন্যতম সদস্য বিশ্বজিৎ ৰায়ে শান্তি আলোচনা যোগাত্মক দিশত আগবাঢ়িছে বুলি মন্তব্য কৰে।

বুধবাৰে কোকৰাঝাৰ উপস্থিত হৈ সাংবাদিকৰ আগত উক্ত মন্তব্য কৰি এই ক্ষেত্ৰত জীৱন সিংহ কোচে ১৯৪৯ চনৰ মাৰ্জাৰ চুক্তিৰ ভিত্তিতে আলোচনাৰ পোষকতা কৰা বুলি সদৰি কৰে বিশ্বজিৎ ৰায়ে । কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে কেএলঅ'ৰ সতে আলোচনাৰ ক্ষেত্ৰত যোগাত্মক দৃষ্টিভংগী গ্ৰহণ কৰিছে বুলি সদৰি কৰে তেওঁ। লগতে কিছু কাৰিকৰী সমস্যা দূৰ হ'লেই চলিত বৰ্ষৰ ভিতৰতে কেএলঅ' আৰু চৰকাৰৰ প্ৰত্যক্ষ আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলি এই ক্ষেত্ৰত শান্তি কমিটিয়ে কেএলঅ'ৰ অধ্যক্ষ জীবন সিংহ কোচ আৰু চৰকাৰৰ স'তে যোগাযোগ অব্যাহত ৰাখিছে বুলি সদৰি কৰে ।

শান্তি কমিটিৰ সদস্য তথা কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে কেএলঅ' আৰু ভাৰত চৰকাৰৰ মাজত হ'ব লগা শান্তি আলোচনা এয়াই সঠিক সময় বুলি মন্তব্য কৰে। জীৱন সিংহ কোচ অচিৰেই মূলসুঁতিলৈ ঘুৰি আহি কেন্দ্ৰীয় চৰকাৰৰে প্ৰত্যক্ষ আলোচনা কৰিব আৰু আলোচনাৰ জৰিয়তে কোচ ৰাজবংশী সকলৰ দীৰ্ঘদিনীয়া দাবী সঠিক ৰূপত উপস্থাপন কৰিব বুলি মন্তব্য কৰিছে বিশ্বজিৎ ৰায়ে।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in