/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-26/1pztqgb8/rangia 26.jpg)
ধৰ্মালোচনী সভাৰ পৰা ভৱেশ কলিতাৰ হুংকাৰ- 'লাভ জেহাদ কৰাসকল সাৱধান'
ডিজিটেল সংবাদ ৰঙিয়াঃ ''অসমত লাভ জেহাদৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। মাটি জেহাদো বৃদ্ধি পাইছে। লাভ জেহাদ কৰাসকল সাৱধান। এই মঞ্চৰ পৰা হিন্দু জাগ্ৰত হ'বলৈ লৈছে, হুচিয়াৰ।'' এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ।
উল্লেখ্য যে, ৰঙিয়াত অনুষ্ঠিত হৈছে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি লগতে কৃষ্ণ জন্মাষ্টমী উপলক্ষে এক ধৰ্ম আলোচনা সভাও অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-26/3zx65ude/9353dfca-57c4-4cc5-9ca3-d75b7826c181.jpg)
এই ধৰ্ম আলোচনা সভাত অংশগ্ৰহণ কৰি ভৱেশ কলিতাই নাৰী সুৰক্ষা, সভ্যতা আৰু সংস্কৃতিৰ ওপৰত বক্তব্য প্ৰদান কৰে। তেওঁ কয়, অসমত নাৰীৰ সুৰক্ষা নোহাৱা হৈছে। তাৰোপৰি তেওঁ কয়, অসমৰ পৰা বৃ্দ্ধ আৱাস নোহোৱা হ'ব লাগে। সনাতন ধৰ্মৰ সংস্কৃতিত বৃদ্ধাৱাসৰ স্থান নাই।
জন্মদিনৰ লগতে বিভিন্ন কাৰণত কেক কটা পৰ্ব বন্ধ হ'ব কৰি নামঘৰ, সত্ৰলৈ যোৱাৰ বাবে সন্তানৰ মানসিকতা গঢ়ি তুলিব লাগে বুলিও বিধায়কগৰাকীয়ে ধৰ্ম আলোচনা সভাত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-26/g44m2r26/917bc33a-f3f2-4c3f-8305-bd9fa22c59df.jpg)
এই ধৰ্ম আলোচনা সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ ক্ষেত্ৰ মন্ত্ৰী কুমুদ বৰঠাকুৰ। ক্ষেত্ৰ মন্ত্ৰীগৰাকীয়ে ভাষণত সনাতন ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ আধ্যাত্মিক দিশৰ লগতে ভক্তিৰ মহিমাৰ দীঘলীয়া ভাষণ ৰাখে।
সভাৰ আৰম্ভণিতে বিশ্ব হিন্দু পৰিষদৰ প্ৰচাৰক অনুপ সিং লহকৰে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ উদ্দেশ্যমূলক আদৰণি ভাষণ আগবঢ়ায়। ইফালে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱসত পুৱা ৯ বজাত ধৰ্মধব্বজা উত্তোলন কৰে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি ৰঞ্জন কুমাৰ বৈশ্যই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-26/yt48a7ce/76c4825e-32a5-4307-a32b-fc1b2ea86bef.jpg)
ইয়াৰ পিছতে গো- মাতা পূজন কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলাৰ প্ৰচাৰক পংকজ কলিতাই। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখিয়েই ৰঙিয়াত বিশাল ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰে বিধায়ক ভৱেশ কলিতাই।
কেইবাশ পুৰুষ-মহিলা, বিশ্ব হিন্দু পৰিষদৰ সদস্যৰ লগতে অন্যান্য হিন্দু ধৰ্মীয় সংগঠনৰ সদস্য তথা কৰ্মীসকলে অংশ লোৱা বাৰেৰহণীয়া এই শোভাযাত্ৰা মূৰাৰা চকৰ পৰা আৰম্ভ হৈ চহৰখনৰ মাজেৰে গৈ ষ্টেচন ৰোডত সামৰণি পৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08-26/zxox4vm7/2081c330-7c43-461d-bddc-a0601e6ba727.jpg)
সভাত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা কাৰ্যকাৰিনী খগেন্দ্ৰ নাথ শৰ্মা, বিশ্ব হিন্দু পৰিষদৰ সহঃ ধৰ্ম প্ৰচাৰ প্ৰমূখ অনুপ দাস,জিলা ব্যৱস্থা প্ৰমূখ অশ্বিনী শইকীয়া,নগৰ কুটুম্ব প্ৰবোধন মহেশ কাকতি, পত্ৰ লেখন প্ৰমূখ নয়নজ্যোতি তালুকদাৰ, পৌৰপতি অমৰেন্দ্ৰ লহকৰ, উত্তৰ কামৰূপ জিলাৰ বিজেপিৰ সভাপতি সুবল পাল, বজৰংগ দলৰ সংযোজক সুনীল লহকৰকে ধৰি কেইবাগৰাকীও বিশ্ব হিন্দু পৰিষদৰ কৰ্মী তথা গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
আনহাতে ৰঙিয়াৰ বাছ ষ্টেচনৰ ৰোডত শ্ৰীকৃষ্ণ মন্দিৰ আৰু তুলসীবাৰী গো-মাৰলী থানতো শ্ৰী কৃষ্ণ জন্মাষ্টমী উপলক্ষে নাম প্ৰসংগ আদি অনুষ্ঠিত হয়।
Also Read: গহপুৰত নিষিদ্ধ সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ...