প্ৰতিভাধৰ ক্ৰীড়াবিদ বিশ্ব গগৈ আৰু নাই

এগৰাকী প্ৰতিভাধৰ ভলীবল খেলুৱৈ , একালৰ ৰাজ্যিক ভলীবল দলৰ এগৰাকী সুদক্ষ নেতৃত্ববহনকাৰী , উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্মচাৰী ঢকুৱাখনৰ সুসন্তান বিশ্ব গগৈ (৫৭) আৰু নাই ।

author-image
Asomiya Pratidin
New Update
প্ৰতিভাধৰ ক্ৰীড়াবিদ বিশ্ব গগৈ আৰু নাই

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ৰাজ্যখনৰ  এগৰাকী প্ৰতিভাধৰ ভলীবল  খেলুৱৈ , একালৰ ৰাজ্যিক ভলীবল দলৰ এগৰাকী সুদক্ষ নেতৃত্ববহনকাৰী  , উত্তৰ পূব সীমান্ত ৰেলৱেৰ কৰ্মচাৰী  ঢকুৱাখনৰ সুসন্তান বিশ্ব গগৈ (৫৭) আৰু নাই ।  দীর্ঘদিন ধৰি  নিউমনীয়া ৰোগত আক্ৰান্ত হৈ শেহতীয়া ভাৱে ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চিকিৎসাধীন  হৈ আছিল গগৈ । কিন্তু শত সহস্ৰ গুণ মুগ্ধ আৰু ইষ্ট কুটুম্বক ইস সংসাৰত এৰি চিকিৎসাধীন অৱস্থাতে মঙলবাৰে পুৱা  দুৰন্ত ক্ৰীড়াবিদ গৰাকীৰ বিয়োগ ঘটে ।

Advertisment

ঢকুৱাখনা মহকুমাৰ ২ নং হিলৈদাৰী গাঁও নিবাসী প্ৰয়াত হৰি নাৰায়ণ গগৈৰ খুব সৰলমনা , স্বল্পভাষী , হাস্যমুখী পুত্ৰ বিশ্ব গগৈয়ে কলেজীয়া দিনৰে পৰা ভলীবল আৰু এথলেটলিকছত বিশেষ পাৰদৰ্শিতা প্রদর্শন কৰি আহিছিল । ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় পৰ্য্যায়ত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত গৰিষ্ঠ সংখ্যক স্বৰ্ণ পদক অর্জন কৰি সুনিপুন ক্ৰীড়া প্ৰতিভাধৰ হিচাপে চিৰ পৰিচিত হোৱা গগৈয়ে বিশেষ ভাবে ভলীবলত অপ্ৰতিৰোধ্য  ব্যুৎপতি অর্জন কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেত মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে চাকৰি লাভ কৰিছিল।

পৰৱৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি   ভাৰতীয় ৰেলৱে দলৰ হৈ বিভিন্ন মণ্ডলত অনুষ্ঠিত ভলীবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিভাগলৈ সুনাম আজুৰি আনিবলৈ সক্ষম হৈছিল ।

কৰ্মসূত্ৰে তিনিচুকীয়া জিলাত থাকি ডিব্ৰুগড় জিলাৰ বানীপুৰত নিগাজীকৈ গৃহ নিৰ্মাণ কৰা গগৈয়ে ডিব্ৰুগড়ৰ অগ্ৰণী ক্ৰীড়া সংগঠন মিলন জ্যোতি সংঘৰ এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক হিচাবে আমৃত্যু অৱদান আগবঢ়াই গৈছে । ভলীবল আৰু এথলেটলিকছৰ প্ৰতি  নৱ প্ৰজন্মক আগ্ৰহী কৰি তোলাৰ বাবে নিৰন্তৰ অনুশীলন আৰু প্ৰয়াস চলাই যোৱা গগৈ  বিগত সময় চোৱাত কোভিডত আক্ৰান্ত হোৱাৰ লগতে  মধুমেহৰ ৰোগটো আক্ৰান্ত হৈ অতি শেহতীয়াকৈ নেউমনিয়া ৰোগৰ লক্ষণে দেখা দিয়াত ডিব্ৰুগড়ৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল।

কিন্তু মঙলবাৰে দুপৰীয়া পত্নী ৰুণো মণি শইকীয়া, এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক নিথৰুৱা কৰি  গগৈয়ে অনন্ত ধামলৈ গতি কৰে । সুনিপুন ক্ৰীড়াবিদ গৰাকীৰ  অকাল বিয়োগত ডিব্ৰুগড়ৰ  মিলন জ্যোতি সংঘ , ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ ছাত্ৰাবাস ছাত্ৰী নিবাসৰ প্ৰাক্তন  আৱাসী সন্মিলন , ঢকুৱাখনা জিলা ক্ৰীড়া সন্থা , ঢকুৱাখনা টাউন ক্লাব  আদিয়ে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনাৰে মৌন প্ৰাৰ্থনা জনাই আৰু শোকাহত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন  কৰিছে ।  ঢকুৱাখনাৰ পৰা গৈ ৰাজ্যিক  ক্ৰীড়াক্ষেত্ৰখন সমুজ্জ্বল কৰি তোলা গগৈৰ বিয়োগৰ বাতৰিয়ে সমগ্ৰ মহকুমাটোত শোকৰ ছাঁ পেলাইছে ।

dhakuakhana dead assam