বিশ্বনাথত পিতৃ-মাতৃৰ কাজিয়াৰ দুৰ্ভোগ ভুগিল সন্তানে...

বিশ্বনাথৰ ইক্ৰামুল হুছেইন আৰু পত্নী ফাটেমা খাটুন মটৰচাইকেলেৰে ৫ নং কুমলীয়াৰ নিজগৃহলৈ গৈছিল।

author-image
Asomiya Pratidin
New Update
বিশ্বনাথত পিতৃ-মাতৃৰ কাজিয়াৰ দুৰ্ভোগ ভুগিল সন্তানে...

ডিজিটেল সংবাদ, বিশ্বনাথ : বিশ্বনাথত পতি-পত্নীৰ কাজিয়াৰ দুৰ্ভোগ ভুগিল সন্তানে। বিশ্বনাথৰ ইক্ৰামুল হুছেইন আৰু পত্নী ফাটেমা খাটুন মটৰচাইকেলেৰে ৫ নং কুমলীয়াৰ নিজগৃহলৈ গৈছিল। যাত্ৰাপথত পানীভড়ালৰ সমীপত দুয়ো কাজিয়াত লিপ্ত হয় ।

Advertisment

খঙৰ ভমকত ইক্ৰামূলে পত্নী আৰু নিজ ৭ মহীয়া সন্তানক চলন্ত বাইকৰ পৰা পেলাই দিয়ে। তদুপৰি ইক্ৰামূলে পত্নীক ৰাজপথতে প্ৰহাৰ কৰে। স্থানীয় ৰাইজৰ সহযোগত পত্নী আৰু সন্তানক বিশ্বনাথৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এই ঘটনাৰ পিছতেই জোঁৱাইকক মাৰিবলৈ হাতত চোকা অস্ত্ৰ লৈ চিকিৎসালয়ত উপস্থিত হয় শহুৰ আকাশ আলী। আৰক্ষীয়ে অস্ত্ৰসহ আকাশ আলী আৰু জোঁৱাই ইক্ৰামূলক আটক কৰে। ঘটনাত গুৰুতৰভাৱে আহত ৬ মহীয়া শিশুটো বৰ্তমান বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।

Also Read: কৰুণ: কৰ্মৰত বাছৰ চকাত পৰি মৃত্যু হ'ল হেণ্ডিমেনৰ...

Assam police