ব্যৰ্থ অসম আৰক্ষী! অপহৰণৰ ৪ মাহ পাছত পোহৰলৈ আহিল বিশ্বজিৎ হত্যাকাণ্ডৰ কথা...

চৰম ব্যৰ্থতা অসম আৰক্ষীৰ। এক অপহৰণ হত্যাকাণ্ডই পুনৰ উদঙালে অসম আৰক্ষীৰ নগ্ন স্বৰূপ।
ব্যৰ্থ অসম আৰক্ষী! অপহৰণৰ ৪ মাহ পাছত পোহৰলৈ আহিল বিশ্বজিৎ হত্যাকাণ্ডৰ কথা...

ডিজিটেল ডেস্ক: চৰম ব্যৰ্থতা অসম আৰক্ষীৰ। এক অপহৰণ হত্যাকাণ্ডই পুনৰ উদঙালে অসম আৰক্ষীৰ নগ্ন স্বৰূপ। এই অপহৰণ হত্যাকাণ্ড সন্দৰ্ভত সোমবাৰে মহানগৰ আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰি সৱিশেষ জনায়।

২০২২ চনৰ ৯ অক্টোবৰত বিশ্বজিৎ হাজৰিকাৰ নামৰ লোকজনক অপহৰণ হৈছিল।সন্ধিয়া ছয়মাইলত কৰ্মৰত ফাৰ্মাচীৰ পৰা এখন ৰিক্সাৰে ঘৰলৈ আহি থকা সময়তে কৰিছিল অপহৰণ। বিশ্বজিৎ হাজৰিকাৰ মুক্তিপণ হিচাপে অপহৰণকাৰীয়ে দাবী কৰিছিল ৪০ লাখ টকা।

কেৱল ইমানেই নহয়, অপহৰণকাৰীয়ে ভিডিঅ’ প্রেৰণ কৰিছিল বিশ্বজিৎ হাজৰিকাৰ পৰিয়াল বৰ্গলৈ। পৰিয়ালে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছিল যদিও বিশ্বজিতৰ অৱস্থান সন্দৰ্ভত তথ্য পোৱা হোৱা নাছিল।

অৱশেষত আজি সংবাদ মেলৰ জৰিয়তে এই ঘটনাৰ তথ্য দাঙি ধৰে। ঘটনা সন্দৰ্ভত বিশ্বজিতৰ পৰিয়ালে মুখ্যমন্ত্ৰী আৰু আৰক্ষী আয়ুক্তৰ সহায় বিচাৰিছিল। প্ৰায় ৪ দিন পূৰ্বে বিশ্বজিতৰ পিতৃ-মাতৃ কাষ চাপিছিল আৰক্ষীৰ। তেতিয়াই পুনৰ তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে যোৱা বৰ্ষৰ ১ নৱেম্বৰত নেলীত অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছিল। সেই মৃতদেহটোৱেই অপহৃত বিশ্বজিৎ হাজৰিকাৰ বুলি কয় আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত ৬ জন যুৱকক আটক কৰে আৰক্ষীয়ে। আনহাতে ২জন ইতিমধ্যে পলাতক অৱস্থাত আছে। ধৃতকেইজন দেৱজিৎ ডেকা, অজয় কলিতা, প্রণৱ ৰংহাং (বাউন্সাৰ)’, সঞ্জয় কুমাৰ ফগৎ, পৰেশ চেত্রী, ময়ুৰ নাথ (বাউন্সাৰ)। দেৱজিৎ ডেকা এটা ৱেব পৰ্টেলৰ ভিডিঅ’ এডিটৰ।

পাঞ্জাবাৰীৰ অজয় কলিতা এই অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল। দেওবাৰে আটক কৰিছিল প্রণৱক আৰু তাৰ পাছতেই তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত পোহৰলৈ আহে এই সকলো ঘটনা। সহজ ধনৰ লালসাতেই অপহৰণ কৰাৰ কথা স্বীকাৰ অপহৰণকাৰীৰ।

উল্লেখ্য যে, ইমান দিনে হয়তো আৰক্ষীয়ে ভালদৰে তদন্ত চলালে বিশ্বজিত হাজৰিকাৰ প্ৰাণ ৰক্ষা পৰিলহেতেন। কিয় আৰক্ষীয়ে ইমান দিন তেওঁৰ কোনো সন্ধান উলিয়াব নোৱাৰিলে সেই সন্দৰ্ভত একাংশই প্ৰশ্ন উত্থাপন কৰিছে।

আৰু পঢ়ক: নিজ বাসগৃহতেই জন্মদিন উদযাপন যশস্বী কণ্ঠশিল্পী লক্ষহীৰা দাসৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in