বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ সত্ৰ মহাসভাক ভূমিদানঃ নিৰ্মাণ হ'ব কলাক্ষেত্ৰ...

২৩ ফেব্ৰুৱাৰীত শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত অন্য এখন কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে প্ৰাথমিক কামকাজৰ শুভাৰম্ভণি কৰা হ'ব।

author-image
Asomiya Pratidin
New Update
বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ সত্ৰ মহাসভাক ভূমিদানঃ নিৰ্মাণ হ'ব কলাক্ষেত্ৰ...

ডিজিটেল ডেস্কঃ শতবৰ্ষ গৰকা অসমৰ অন্যতম সত্ৰীয়া সাংস্কৃতিক আৰু জাতীয় সংগঠন অসম সত্ৰ মহাসভাই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, মতবাদ আৰু বৰ্ণিল কৃষ্টি-সংস্কৃতি বৰাক উপত্যকাত ব্যাপক হাৰত প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণৰ লক্ষ্য আগত ৰাখি অসম সত্ৰ মহাসভাই এলানি অভিলাষী কৰ্মসূচী গ্ৰহণ কৰিছে। এই কৰ্মসূচীৰ অংশ হিচাপে ২৩ ফেব্ৰুৱাৰীত শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত অন্য এখন কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে প্ৰাথমিক কামকাজৰ শুভাৰম্ভণি কৰা হ'ব।

Advertisment

অসম সত্ৰ মহাসভাৰ উত্তৰ-পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে সদৰি কৰা মতে, শ্ৰীভূমি জিলাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ সহযোগত গোধাৰপুৰ প্ৰাক্তন সৈনিক উন্নয়ন সমিতিৰ নামত আৱন্তিত হৈ থকা ২০৭০ বিঘা ভূমিৰ ১০০ বিঘা ভূমি ২০ ফেব্ৰুৱাৰীত সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তৰ নেতৃত্বত বৰাক উপত্যকা লৈ যোৱা এটা প্ৰতিনিধি দলৰ লগত হোৱা বৈঠকত সত্ৰ মহাসভালৈ হস্তান্তৰ কৰাৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

২৩ ফেব্ৰুৱাৰীত সত্ৰ মহাসভাৰ বৰাক উপত্যকা মণ্ডল সমিতিৰ উদ্যোগত পাথাৰকান্দিৰ সৈনিক সংঘ প্ৰাংগণত প্ৰস্তাৱিত কলাক্ষেত্ৰ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা আঁচনি কাৰ্য্যকৰী কৰণৰ বাবে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

অসম সত্ৰ মহাসভাই বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ সহযোগত সমগ্ৰ বৰাক উপত্যকাত পাথাৰকান্দিত নিৰ্মাণ হ'বলগীয়া কলাক্ষেত্ৰখনে অসমৰ বৰ্ণিল সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত এক যুগান্তকাৰী প্ৰভাৱ পেলাব বুলি আশা প্ৰকাশ কৰিছে।

অসম সত্ৰ মহাসভাই কলাক্ষেত্ৰখন নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু ভক্ৰপ্ৰাণ ৰাইজক আহ্বান জনাইছে।

বিষ্ণুপ্ৰিয়া মণিপুৰী অসম সত্ৰ মহাসভা