/asomiyapratidin/media/media_files/2025/06/20/new-ap-web-8-2025-06-20-23-45-25.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ গীতানগৰ শতদল সাহিত্য সভাই জনতাৰ শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস বিভিন্ন কাৰ্যসূচীৰে পালন কৰে। প্ৰথম কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে গীতানগৰ শতদল সাহিত্য সভাৰ সভাপতি দণ্ডি ৰাম কাকতীয়ে, স্মৃতি তৰ্পণ কৰে সাহিত্য সভাৰ উপ সভাপতি ভূপেন শৰ্মাই, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে উপদেষ্টা ইৰাণী শইকীয়া।
পৰৱৰ্তী কাৰ্যসূচী মুকলি সভাত সভাপতিত্ব কৰে সভাৰ সভাপতি দণ্ডি ৰাম কাকতীয়ে। নিদিষ্ট বক্তা হিচাপে উপস্থিত থকা অসম সাহিত্য সভাৰ বিষয়ববীয়া তথা শতদল সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰী দুৰ্গেশ্বৰ পাঠকে সমন্বয়ৰ প্ৰতীক বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ জীৱন সন্দৰ্ভত বিস্তৃত ভাৱে আলোকপাত কৰে। সহঃ সম্পাদক অজিতা দেৱী হাজৰিকাই ৰাভাদেৱৰ ৰচিত এটি কবিতা আবৃত্তি কৰে। ইয়াৰ পিচতে সাহিত্য সভাৰ এগৰাকী সদস্য শ্ৰী জিন্তু তালুকদাৰে ৰাভা সঙ্গীত পৰিৱেশন কৰি সভাৰ সৌস্তৱ বঢ়ায়। সভাৰ এগৰাকী আজীৱন সদস্য প্ৰসন্ন কুমাৰ তালুকদাৰে এটি স্বৰচিত কবিতা পাঠ কৰে, লগতে ৰাভাদেৱৰ ওপৰত চমু ভাষণ ৰাখে।
ইফালে মাল্যাৰ্পক ইৰাণী শইকীয়াই এটি চমু ভাষণৰ লগতে ৰাভা সঙ্গীত পৰিৱেশন কৰি উপস্থিত থকা আটাইকে আমোদ দিয়ে। প্ৰাক্তন সভাপতি পদুমী পাঠকেও ভাষণ প্ৰদান কৰাৰ লগতে এটি ৰাভা সংগীত পৰিবেশন কৰে। সম্পাদক শ্ৰী ৰূপা গোস্বামী, সহঃ সাংস্কৃতিক সম্পাদক শ্ৰী বন্দনা হাজৰিকা আৰু সহ পত্ৰিকা সম্পাদক শ্ৰী অঞ্জু খাউণ্ড, তিনিও গৰাকীয়ে একেলগে দুটি ৰাভা সঙ্গীত পৰিৱেশন কৰে। সভাপতিয়ে বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ সমূহ কাৰ্যসূচীত উপস্থিত থাকি জনতাৰ শিল্পী, সাহিত্যিক, সুৰকাৰ, নাট্যকাৰ, সমন্বয়ৰ প্ৰতীক সংগ্ৰামী নেতা বিষ্ণু প্ৰসাদ ৰাভা দেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি বিশিষ্ট ব্যক্তি গৰাকীক বিভিন্ন প্ৰকাৰে শ্ৰদ্ধা নিবেদন কৰা বাবে আটাকেইগৰাকী ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাভাদেৱৰ কৰ্মৰাজীৰ ওপৰত দৃষ্টিপাত কৰে। সভাৰ শেষত জাতীয় সঙ্গীত পৰিবেশন কৰা হয়।