/asomiyapratidin/media/media_files/2025/06/20/cxcxzcxz-2025-06-20-23-12-14.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ আলিপুখুৰী শাখা সাহিত্য সভাৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱ পুথিভঁৰাল আৰু মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ সহযোগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসটি দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। তদুপলক্ষে পুৱা পতাকা উত্তোলন কৰে আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই আৰু স্মৃতি তৰ্পণ আৰু মাল্যৰ্পন কৰে দুলুমণি কলিতাই। পাছত ১১ বজাত অঞ্চলৰ কণমানি ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
বটদ্ৰৱা সৰুহিছা ৰাজহুৱা মঞ্চত অনুষ্ঠিত অনুষ্ঠানটিৰ বিয়লি আমন্ত্ৰিত কবি সাহিত্যিকৰ দ্বাৰা "বিষ্ণু ৰাভা" বিষয়ৰ কবিতা পাঠৰ অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিৰচিত "হৰি পদ পেখয়" শীৰ্ষক পত্নী প্ৰসাদ নাটৰ এটি গীতেৰে অনুষ্ঠানৰ আৰম্ভণি কৰাৰ পাছতে সত্ৰীয়া নৃত্য, কবিতা আবৃত্তি, জনগোষ্ঠীয় নৃত্য, ৰাভা সংগীত, বিষ্ণু ৰাভাৰ গীতত নৃত্য অনুষ্ঠান অনুষ্ঠিত হয়। মনিষা বৰুৱাই আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটি শ্ৰীমন্ত শঙ্কৰদেৱ পুথিভঁৰাল পৰিচালনা সমিতিৰ সম্পাদক বেদব্ৰত কলিতা, আলিপুখুৰী শাখা সাহিত্য সভাৰ সম্পাদক লক্ষ্যধৰ তালুকদাৰ, মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী মীনা কলিতাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। ইফালে জাতীয় বিদ্যালয়, বটদ্ৰৱা, বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতন আদি শিক্ষানুষ্ঠানটো বিভিন্ন কাৰ্য্যসূচীৰে বিষ্ণু প্ৰসাদ ৰাভা দিৱস পালন কৰা হয়।