
ডিজিটেল ডেস্কঃ বিশিষ্ট সাহিত্যিক, অধ্যাপক আৰু ভাষাতত্ত্ববিদ বিশ্বেশ্বৰ হাজৰিকা অসুস্থ। হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হাজৰিকা বিগত ৪ টাকৈ দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন। ইয়াৰ মাজতে ৩ ছেপ্তেম্বৰ শনিবাৰে হাজৰিকাৰ হৃদযন্ত্ৰৰ এক অস্ত্ৰোপচাৰো সম্পন্ন হৈ যায়।
জানিব পৰা মতে তেওঁৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ যদিও বিপদমুক্ত নহয়। উল্লেখ্য যে বিশ্বেশ্বৰ হাজৰিকাই অসমৰ প্ৰসিদ্ধ সাহিত্যিক-পণ্ডিত ড০ বাণীকান্ত কাককিৰ গৱেষণামূলক গ্ৰন্থ Assamese: Its Formation & Development- অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। অনূদিত গ্ৰন্থখনৰ নাম হৈছে অসমীয়া ভাষা: ইয়াৰ গঠন আৰু ক্ৰমবিকাশ।
ইয়াৰোপৰি হাজৰিকাই 'অসমীয়া-বড়ো-ৰাভা ত্ৰিভাষিক অভিধান'খনো প্ৰণয়ন কৰিছে। তেখেতে চৰ্যাগীত, শিলালিপি আৰু অসমৰ বুৰঞ্জী সম্পৰ্কেও গুৰুত্বপূৰ্ণ অধ্যয়ন কৰিছে।