/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/628b15cc-d510-4a95-b97b-e92b11253c02/BIREN_NATH_18.jpg)
ৰাৱণ দাহনৰ বাবে ৩০ ফুট উচ্চতাৰ প্ৰতিকৃতি নিৰ্মাণত ব্যস্ত শিল্পী বীৰেন নাথ...
ডিজিটেল সংবাদ ছয়দুৱাৰ: শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে গহপুৰত ৩০ ফুট উচ্চতাৰ ৰাৱণৰ বিশাল প্ৰতিকৃতি তৈয়াৰ কৰাৰ কামত ব্যস্ত আছে এগৰাকী মুখা শিল্পী। দুৰ্গা পূজাৰ দশমীৰ দিনটোত মেইল বজাৰ গমিৰিঘাটত ৰূপায়িত হ'ব লগা ৰাৱণ দাহনৰ বাবে এই বিশাল প্ৰতিকৃতি তৈয়াৰৰ কামত উঠি পৰি লাগি আছে গহপুৰ মহকুমাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাণীপথাৰৰ নিৱাসী তথা প্ৰায় ২৫ বছৰ ধৰি মুখা শিল্পৰ সাধনাত নিজকে নিয়োজিত কৰি অহা বিশিষ্ট মুখা শিল্পী বীৰেন নাথ।
বিগত ২৫ দিন ধৰি দশানন ৰাৱণৰ প্ৰতিকৃতি তৈয়াৰৰ কামত লাগি থকা শিল্পী বীৰেন নাথে ষষ্ঠীৰ পূৰ্বেই উক্ত কাম সম্পূৰ্ণ কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, এখন অপ্ৰাদেশিকীকৃত বিদ্যালয়ৰ শিক্ষক বীৰেন নাথে তিনিগৰাকীকৈ সহযোগী শিল্পীৰ সহযোগিতাত বাঁহ, কাপোৰ, পলিথিন বস্তা, কাগজ, মাটি, ৰং-তুলিকাৰ ব্যৱহাৰ কৰি ৩০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিকৃতিটো তৈয়াৰত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/2cca85c4-9993-4e9c-a329-3a097436960d/4ccc1380_9aa0_4de1_8931_d3e93df531af.jpg)
গহপুৰৰ গমিৰি মেইল বজাৰত বহুল পৰিসৰত উদযাপন হ'ব লগা সাৰ্বজনীন শ্ৰীশ্ৰীদুৰ্গোৎসৱৰ বিজয়া দশমীৰ দিনটোত ৰাৱণ দাহন কাৰ্যসূচীৰ বাবে ৩০ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিকৃতিটো তৈয়াৰ কৰা শিল্পী বীৰেন নাথে বিগত বৰ্ষত উক্ত দুৰ্গোৎসৱৰ বাবে ৭০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিকৃতি তৈয়াৰ কৰি যথেষ্ট সমাদৰ লাভ কৰিছিল।
দুৰ্গাপূজাৰ সামন্তৰালকৈ শ্ৰীকৃষ্ণ ৰাসোৎসৱৰ বাবে বিভিন্ন মুখা শিল্প তৈয়াৰৰ বাবেও প্ৰস্তুতি আৰম্ভ কৰিছে প্ৰচাৰ বিমুখ শিল্পী বীৰেন নাথে।
Also Read: গ্লোবেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ দ্বিতীয় দিনত ২.৩৭ লাখ কোটি টকাৰ বিনিয়োগৰ অভিলেখ...